দৰং আৰক্ষীৰ জালত পৰিল ছয়খন কয়লা ভৰ্তি ট্ৰাক

truck-mangaldai-

ফটো : নৰ্থ-ইষ্ট নাও

তিনিচুকীয়াৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ উদ্দেশ্যে চোৰাংকৈ কঢি়য়াই অনা ছয়খন কয়লা ভৰ্তি ট্ৰাক শনিবাৰে নিশা দৰং আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে উক্ত কয়লা ভৰ্তি ট্ৰাক কেইখন জিলাখনৰ দলগাঁও অঞ্চলত জব্দ কৰে।

উল্লেখ্য যে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে দৰঙৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বৰ এটা আৰক্ষীৰ দলে দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই উক্ত ট্ৰাক কেইখন জব্দ কৰে। ইয়াৰে পাঁচখন ট্ৰাকেই উত্তৰ প্ৰদেশৰ আৰু এখন হাৰিয়ানাৰ পঞ্জীয়নভুক্ত।

য়ুপি ৪২ বিটি ৪২২২, য়ুপি ৪২ বিটি ২৮১১, য়ুপি ৪২ বিটি ৪৫৫২, য়ুপি ১৫ ডিটি ৭৭৬৪, য়ুপি ১৫ ডিটি ৮১৬৮ আৰু এইচআৰ ৩৭ ডি ৭৮৯৬ নম্বৰৰ ট্ৰাক কেইখনে বৈধ নথিপত্ৰ অবিহনেই বহিঃৰাজ্যলৈ কয়লা সৰবৰাহৰ চেষ্টা চলাইছিল।

ইফালে এই ঘটনা সন্দৰ্ভত দৰং আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত আছে যদিও এক সূত্ৰৰ পৰা জানিব পৰা মতে আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

মন কৰিবলগীয়া যে সাধাৰণতে কয়লা ভৰ্তি ট্ৰাকসমূহ কলিয়াবৰ, যোৰাবাট, গুৱাহাটী হৈ চলাচল কৰে যদিও ইয়াৰ মাজতে কিছু সংখ্যক ট্ৰাকে মাজে সময়ে তেজপুৰ মঙলদৈ ৰাস্তাটো ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে।