ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ডাৰেণ চামীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আপলোড কৰি তেওঁৰ আই পি এল টীম চানৰাইজ হায়দৰাবাদৰ যিসকল সতীৰ্থই তেওঁক কালু বুলি মাতিছিল তেওঁলোকে ক্ষমা বিচৰা উচিত বুলি কয়।
ভিডিঅ’টোত যিসকল সতীৰ্থই তেওঁক কালু বুলি সম্বোধন কৰিছিল তেওঁলোকে নিজেই ক্ষমা বিচৰা উচিত বুলি চামীয়ে উল্লেখ কৰি তেওঁ চানৰাইজ হায়দৰাবাদৰ সতীৰ্থ সকলক এইসন্দৰ্ভত মেছেজ কৰিছে বুলি কয়।
‘‘যিসকলে মোক উক্ত নামেৰে মাতিছিল…..তোমালোকে নিজেই জ্ঞাত…..মই ক্ষমা আবেদন বিচাৰো তোমালোকৰ পৰা,’’ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে এইদৰে কয়।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰক্ষীয়ে জৰ্জ ফ্লয়ড এগৰাকী আফ্ৰিকান-আমেৰিকান মূলৰ কৃষ্ণাংগ লোকক বৰ্বৰভাৱে হত্যা কৰাৰ পাছৰে পৰা বিশ্বত বৰ্ণবৈষম্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে।
আমেৰিকাত হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহি ফ্লয়ডৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদ কৰিছে।
আমেৰিকাৰ লগতে য়ু কে, জাপান আদি দেশতো বৰ্ণবৈষ্যমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।