ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

WhatsApp Image 2021-01-17 at 3.11.48 PM

বৰপেটাত উপস্থিত হোৱা শুভাসিনী শ্বেখাৱট। ফটো: নৰ্থইষ্ট নাও।

কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা তথা নদী বিশেষজ্ঞ শুভাসিনী শ্বেখাৱট বৰপেটাত আহি উপস্থিত হৈছে ।

জলসম্পদ উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ কন্যা তথা নদী বিশেষজ্ঞ শুভাসিনী শ্বেখাৱটে বৰপেটা জিলাত উপস্থিত হয় ৷

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে এটি সজাতি দলৰ সৈতে অৰুণাচলৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে আহি তেওঁ বৰপেটাত উপস্থিত হয় ৷

সংবাদ মাধ্যমৰ আগত নদী বিশেষজ্ঞ শুভাসিনী শ্বেখাৱটে কয় যে, দেশৰ সকলোতকৈ পৰিষ্কাৰ নদী ব্ৰহ্মপুত্ৰ ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি সজাগ হবলৈ তেওঁ আহ্বান জনায় ৷

শনিবাৰে বাঘবৰত এক সজাগতা সভাও অনুষ্ঠিত ৷ এই সজাগতা সভাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অধ্যক্ষ ছাবেদ ভূঞাই আঁত ধৰা এই সভাত ব্ৰহ্মপুত্ৰ গৱেষণাৰ বাবে অহা সঁজাতি দলটোৱে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷