কোভিশিল্ড আৰু কোভাক্সিন ভেকচিনৰ প্ৰয়োগত অনুমোদন DCGI ৰ

Covaxin-Covishield-750x375

বিশেষজ্ঞ সমিতিৰ পিছত ভাৰতৰ ঔষধ নিয়ন্ত্ৰকেও আজি কোভিশিল্ড আৰু কোভাক্সিন ভেকচিনৰ প্ৰয়োগত অমুমোদন জনাইছে।

ইয়াৰ লগে লগে দেশত কোভিডৰ ভেকচিন সাধাৰণ মানুহৰ বাবে সহজলভ্য হৈ পৰাৰ বাট প্ৰশস্ত হৈ পৰিল।

DCGI-এ কোভিডৰ দুটাকৈ ভেকচিনত অনুমোদন জনোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে DCGI ক শুভেচ্ছা জ্ঞাপন কৰাৰ  লগতে এটা কোভিডৰ বিৰুদ্ধে চলাই থকা যুঁজ খনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে।

মোডীয়ে কয় যে এই অনুমোদনে কোভিডৰ দুটাকৈ ভেকচিনৰ জৰুৰীকালিন ব্যৱহাৰৰ বাট মুকলি কৰিলে।

উল্লেখ্য শেহতীয়াকৈ কোভিশিল্ডৰ পাছত দেশত কোভাক্সিনেও লাভ কৰিছে অনুমোদন।

চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড ক’ন্ত্ৰ’ল অৰ্গেনাইজেশ্যনে জৰুৰী ব্যৱহাৰৰ বাবে ভাৰত বায়’টেকৰ কোভাক্সিনক সেউজ সংকেত দিছে আৰু ডিজিচিআইয়ে আজি এই ক্ষেত্ৰত  অনুমোদন দিয়ে।

আইচিএমআৰ আৰু হায়দৰাবাদৰ ভাৰত বায়’টেকৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা হৈছে এই ভেকচিন।

শনিবাৰে আষ্ট্ৰাজেনেকাৰ কোভিশিল্ড ভেকচিনক অনুমোদন দিছিল বিশেষজ্ঞ কমিটিয়ে। ভাৰতত সেই ভেকচিনৰ উৎপাদন কৰিছে ছেৰাম ইনষ্টিটিউটে। দেওবাৰে দেশীয় প্ৰযুক্তিত প্ৰস্তুত কৰি উলিওৱা কোভাক্সিনকো অনুমোদন দিয়া হৈছে।

শুকুৰবাৰে বিশেষজ্ঞ কমিটিয়ে কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ বাবে স্বেচ্ছাসেৱকৰ সংখ্যা আৰু বৃদ্ধি কৰিবলৈ কৈছিল। এইবাৰ এই ভেকচিনটোৱেও অনুমোদন লাভ কৰিলে।

মাত্ৰ কেইখনমানৰ দেশৰ মাজত ভাৰততো চাৰিটা ভেকচিন প্ৰস্তুত হৈছে। সেইকেইটা হৈছে কোভিশিল্ড, কোভাক্সিন, জাইডাক কেডিলাৰ ZyCoV-D আৰু ৰাছিয়াৰ Sputnik-V।

ইপিনে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্দ্ধনে কয় যে তিনি কোটি কৰ’না যোদ্ধাক বিনামূলীয়াকৈ কৰ’নাৰ ভেকচিন দিয়া হ’ব। চলিত মাহতেই টীকাকৰণ আৰম্ভ কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।