দিল্লী জিলা ক্ৰিকেট সন্থাৰ সভাপতি তথা প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ পুত্ৰ ৰোহন জেটলীৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন নিৰ্যাতনৰ অভিযোগ।
বিবাহৰ প্ৰতিশ্ৰুতিৰে জেটলীয়ে যৌন নিৰ্যাতন চলোৱাৰ কথা উল্লেখ কৰিছে জ্যোৎস্না সাহানী নামৰ এগৰাকী মহিলাই। ডিডিচিএৰ সভাপতিগৰাকীয়ে চৰকাৰী ধনৰ অপব্যৱহাৰৰ কৰিছে বুলিও অভিযোগো উত্থাপন কৰিছে জ্যোৎস্না সাহানীয়ে।
ইয়াৰ উপৰিও মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে জেটলী আৰু তেওঁৰ পত্নীয়ে তেওঁৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছিল।
#JyotsnaSahni ने लगाए #DDCA President #RohanJaitley पर गंभीर आरोप। यौन शोषण से लेकर भ्रष्टाचार, Misuse of DDCA funds,जान से मारने की धमकी,खिलाड़ियों का ‘Diamond gift’ लेकर चयन करने के गंभीर आरोप
ये ईमेल कल ही ज्योत्सना @JayShah @VVSLaxman281 #RogerBinny को भेज चुकी हैं https://t.co/5wIA6QPF1q pic.twitter.com/2Jegitjc0O— Sakshi Joshi (@sakshijoshii) February 23, 2023
সমগ্ৰ অভিযোগ এখন পত্ৰযোগে বিবিচিআইলৈ প্ৰেৰণ কৰিছে জ্যোৎস্না সাহানীয়ে।
ইয়াৰ উপৰিও জ্যোৎস্নাই উল্লেখ কৰিছে যে “মিষ্টাৰ ৰোহন জেটলী আৰু তেওঁৰ পত্নী মেহৰুনিষাই মোক হত্যাৰ ভাবুকি প্ৰদান কৰিছে।”
লগতে নিজৰ ক্ষমতাৰ বলত হোটেলৰ কক্ষত বহুতো নাৰীৰ লগত অবৈধ সম্পৰ্কত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে জেটলীৰ বিৰুদ্ধে।
ইতিমধ্যে এই ঘটনাৰ লগত জড়িত ৰোহন জেটলীৰ এখন নগ্নছবি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এই ঘটনাই সামাজিক মাধ্যমত তোলপাৰ লগাইছে।
Rohan Jaitley misuses names of top politicians of India. His wife Meherunnisa found out ,he was caught by his wife with another woman much older than her Rohan would hire prostitutes in Delhi and outside Hotels, have sex with them and then film them naked .see chat pic.twitter.com/tUOU7GuTGG
— delhi news (@delhinews160210) May 17, 2023