NORTHEAST NOW (Assamese)

কলিয়াবৰৰ চামধৰাত ৰহস্যজনকভাৱে হৰিণৰ মৃত্যু

June 24, 2019 10:05 pm · ৰিদিপ শৰ্মা
Updated: June 24, 2019 10:06 pm

কলিয়াবৰৰ চামধৰাত আজি এটা হৰিণ পহুৰ কৰুণ মৃত্যু ঘটে। শিলঘাটৰ সমীপৱৰ্তী চামধৰাৰ মৰাপাটকল কলনীত আজি আৱেলি হৰিণটোৰ মৃতদেহ উদ্ধাৰ হয়।

জানিব পৰা মতে শিলঘাটৰ গাতে লাগি থকা কামাখ্যা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা উক্ত হৰিণটোৰ মৃত্যুত স্থানীয় ৰাইজে ৰহস্যৰ গোন্ধ পাইছে। তেওঁলোকে কোনো লোকে পতা ফান্দত পৰি পহুটোৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে।

অৱশ্যে ইয়াৰ বিপৰীতে কলনীৰ চৌহদৰ ফেঞ্চিঙত লাগি হৰিণটোৰ মৃত্যু হোৱা বুলি দাবী কৰিছে বন বিভাগৰ লোকে।

ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পিছতে শিলঘাট উপ খণ্ড বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হৰিণটোৰ মৃতদেহ উদ্ধাৰ কৰি সৎকাৰ কৰে বুলি আমাক জানিবলৈ দিয়ে।

Related News