সোমবাৰে ৰাতিপুৱাই পোহৰলৈ আহিছে অসমৰ বন বিভাগত সংঘটিত এক অবিশ্বাস্য যেন লগা সত্য ঘটনা।
এই ঘটনাৰ আৰম্ভণি আছিল ২০১৭ চন। তেতিয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা মাইকী গঁড় প্ৰত্যক্ষ কৰা হৈছিল।
২০১৮ চনৰ ২৪ ছেপ্টেম্বৰলৈকে গঁড়টোক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী লাওখোৱা ৰেঞ্জত বিচৰণ কৰি থকা দেখা গৈছিল।
ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহাৰ দিনৰে পৰা গঁড়টোক নিৰন্তৰ নিৰীক্ষণৰ অধীনত ৰখা হৈছিল।
অৱশ্যে, যোৱা বছৰৰ নৱেম্বৰ মাহ মানৰ পৰা গঁড়টো ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ পৰে। বন বিষয়াৰ সৃষ্ট বন্যপ্ৰাণী সংৰক্ষকসকলে বিশ্বাস কৰে যে গঁড়টো ইয়াৰ মূল বাসস্থান ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ ঘুৰি গৈছে।
সমগ্ৰ বিষয়টোৰ এক সঠিক তদন্তৰ দাবী উত্থাপিত হৈছিল যদিও, বন বিষয়া, বিশেষকৈ ভাৰতীয় বনসেৱাৰ বিষয়াই (আই এফ এছ) বিষয়টো ঢাকি ৰাখে। আনকি প্ৰধান মুখ্য বন সংৰক্ষকে (পি চি চি এফ) বহুতৰ বাবে কাৰণ বিচাৰি নোপোৱা বিষয়টো আগবঢ়াই নিয়াত ব্যৰ্থ হয়।
বন্যপ্ৰাণী সংৰক্ষকসকলে কয় যে বিষয়টো বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ (ডব্লিউ চি চি বি)ই সঠিকভাৱে গ্ৰহণ কৰি তথা এক অনুসন্ধানৰ জৰিয়তে প্ৰকৃত তথ্য উদ্ঘাটন কৰা উচিত আছিল যদিও সেয়া কৰা নহ’ল।
আনহাতে, এতিয়া সত্যটো সকলোৰে বাবে মুকলি হৈ পৰিছে। সোমবাৰে পুৱা প্ৰায় ১০ বজাত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত পলাশতলি কেম্পত এটা গঁড়ৰ মৃতদেহৰ জকা এটা উদ্ধাৰ হয়।
গঁড়টোৰ মৃতদেহৰ জকাটোৰ পৰা স্পষ্ট হৈছে যে ইয়াক হত্যা কৰা হৈছিল আৰু খড়্গটো কাটি নিয়া হৈছে।
এতিয়া ব্যাপক অনুসন্ধান চলি আছে যদিও সকলোৰে মাজত প্ৰশ্ন উত্থাপন হৈছে যে যোৱা বছৰ গঁড়টো অন্তৰ্ধান হোৱাৰ পাছত বন বিষয়াসকলে কিয় গুৰুত্ব নিদিলে?
বন বিষয়াসকলে নিজেই গঁড়টোক হত্যা কৰি খড়্গটো কাটি নিলে আৰু বনাঞ্চলত মৃত গঁড়টোৰ শটো পেলাই দিলে।
নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে যে কিছুমান বিষয়াই এতিয়াও এনে ঘটনাত জড়িত হৈ আছে আৰু বিভাগটোৱে বৃত্তিগত চোৰাং চিকাৰীৰ গালৈ দোষ জাপি দিয়াৰ চেষ্টা চলাই আছে।
‘২০১১ বৰ্ষৰ ভাৰতীয় বনসেৱাৰ বিষয়া, তদানীত্বন নগাওঁ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ জিতেন্দৰ কুমাৰক সন্দেহৰ আৱৰ্তত ৰখা হৈছে,”-সূত্ৰসমূহে জানিবলৈ দিয়ে। কিন্তু প্ৰধান মুখ্য বন সংৰক্ষক আৰু অসমৰ মুখ্য সচিব গৰাকী একেখন ৰাজ্যৰে হোৱা বাবে শীৰ্ষ বিষয়াসকলে তেওঁক বচাবলৈ লবী তৈয়াৰ কৰিছে।”
”অৱশ্যে, বৰ্তমান নগাওঁ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰঞ্জিথ ৰাম আৰু তেওঁৰ দলটোৱে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ভাল কাম কৰি আছে,”-সূত্ৰসমূহে কয়।
সূত্ৰসমূহে লগতে জানিবলৈ দিয়ে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা অনুসন্ধানকাৰী দল মেটেল ডিটেক্টৰসহ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত গঁড়টোৰ জকাৰ অৱশিষ্ট কিছু অংশ উদ্ধাৰ কৰে।
বন্যপ্ৰাণী কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে ল’বনে যাতে ৰাজ্যখনত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে, বিশেষকৈ এশিঙিয়া গঁড়ৰ সুৰক্ষাৰ বাবে সত্যটো উদ্ঘাটন হয়।