• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্ষকেই ভক্ষক : চোৰাং চিকাৰীৰ ৰূপত অসমৰ বন বিষয়া!

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2019 9:29 pm
11111

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা এটা তদন্তকাৰী দলে সংগ্ৰহ কৰা মৃত গঁড়টোৰ জকাৰ কিছু অংশ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে ৰাতিপুৱাই পোহৰলৈ আহিছে অসমৰ বন বিভাগত সংঘটিত এক অবিশ্বাস্য যেন লগা সত্য ঘটনা।

এই ঘটনাৰ আৰম্ভণি আছিল ২০১৭ চন। তেতিয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা মাইকী গঁড় প্ৰত্যক্ষ কৰা হৈছিল।

Apply Now

২০১৮ চনৰ ২৪ ছেপ্টেম্বৰলৈকে গঁড়টোক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী লাওখোৱা ৰেঞ্জত বিচৰণ কৰি থকা দেখা গৈছিল।

ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহাৰ দিনৰে পৰা গঁড়টোক নিৰন্তৰ নিৰীক্ষণৰ অধীনত ৰখা হৈছিল।

অৱশ্যে, যোৱা বছৰৰ নৱেম্বৰ মাহ মানৰ পৰা গঁড়টো ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ পৰে। বন বিষয়াৰ সৃষ্ট বন্যপ্ৰাণী সংৰক্ষকসকলে বিশ্বাস কৰে যে গঁড়টো ইয়াৰ মূল বাসস্থান ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ ঘুৰি গৈছে।

সমগ্ৰ বিষয়টোৰ এক সঠিক তদন্তৰ দাবী উত্থাপিত হৈছিল যদিও, বন বিষয়া, বিশেষকৈ ভাৰতীয় বনসেৱাৰ বিষয়াই (আই এফ এছ) বিষয়টো ঢাকি ৰাখে। আনকি প্ৰধান মুখ্য বন সংৰক্ষকে (পি চি চি এফ) বহুতৰ বাবে কাৰণ বিচাৰি নোপোৱা বিষয়টো আগবঢ়াই নিয়াত ব্যৰ্থ হয়।

বন্যপ্ৰাণী সংৰক্ষকসকলে কয় যে বিষয়টো বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ (ডব্লিউ চি চি বি)ই সঠিকভাৱে গ্ৰহণ কৰি তথা এক অনুসন্ধানৰ জৰিয়তে প্ৰকৃত তথ্য উদ্ঘাটন কৰা উচিত আছিল যদিও সেয়া কৰা নহ’ল।

আনহাতে, এতিয়া সত্যটো সকলোৰে বাবে মুকলি হৈ পৰিছে। সোমবাৰে পুৱা প্ৰায় ১০ বজাত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত পলাশতলি কেম্পত এটা গঁড়ৰ মৃতদেহৰ জকা এটা উদ্ধাৰ হয়।

গঁড়টোৰ মৃতদেহৰ জকাটোৰ পৰা স্পষ্ট হৈছে যে ইয়াক হত্যা কৰা হৈছিল আৰু খড়্গটো কাটি নিয়া হৈছে।

এতিয়া ব্যাপক অনুসন্ধান চলি আছে যদিও সকলোৰে মাজত প্ৰশ্ন উত্থাপন হৈছে যে যোৱা বছৰ গঁড়টো অন্তৰ্ধান হোৱাৰ পাছত বন বিষয়াসকলে কিয় গুৰুত্ব নিদিলে?

বন বিষয়াসকলে নিজেই গঁড়টোক হত্যা কৰি খড়্গটো কাটি নিলে আৰু বনাঞ্চলত মৃত গঁড়টোৰ শটো পেলাই দিলে।

নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে যে কিছুমান বিষয়াই এতিয়াও এনে ঘটনাত জড়িত হৈ আছে আৰু বিভাগটোৱে বৃত্তিগত চোৰাং চিকাৰীৰ গালৈ দোষ জাপি দিয়াৰ চেষ্টা চলাই আছে।

‘২০১১ বৰ্ষৰ ভাৰতীয় বনসেৱাৰ বিষয়া, তদানীত্বন নগাওঁ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ জিতেন্দৰ কুমাৰক সন্দেহৰ আৱৰ্তত ৰখা হৈছে,”-সূত্ৰসমূহে জানিবলৈ দিয়ে। কিন্তু প্ৰধান মুখ্য বন সংৰক্ষক আৰু অসমৰ মুখ্য সচিব গৰাকী একেখন ৰাজ্যৰে হোৱা বাবে শীৰ্ষ বিষয়াসকলে তেওঁক বচাবলৈ লবী তৈয়াৰ কৰিছে।”

”অৱশ্যে, বৰ্তমান নগাওঁ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰঞ্জিথ ৰাম আৰু তেওঁৰ দলটোৱে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ভাল কাম কৰি আছে,”-সূত্ৰসমূহে কয়।

সূত্ৰসমূহে লগতে জানিবলৈ দিয়ে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা অনুসন্ধানকাৰী দল মেটেল ডিটেক্টৰসহ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত গঁড়টোৰ জকাৰ অৱশিষ্ট কিছু অংশ উদ্ধাৰ কৰে।

বন্যপ্ৰাণী কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে ল’বনে যাতে ৰাজ্যখনত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে, বিশেষকৈ এশিঙিয়া গঁড়ৰ সুৰক্ষাৰ বাবে সত্যটো উদ্ঘাটন হয়।

 

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd