নগাঁও জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মহমৰিয়াত শনিবাৰে পথাৰৰ মাজৰ বিলত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, উদ্ধাৰ হোৱা মৃত মহিলাগৰাকী মহমৰিয়াৰ নিকটৱৰ্তী বৰজহাৰ ৰূপা বৰা বুলি চিনাক্ত কৰা হৈছে। স্থানীয় লোকে উদ্ধাৰ হোৱা মহিলাগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে।
আনহাতে, মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ সম্পৰ্কে আৰক্ষী নিশ্চিত হ’ব পৰা নাই যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।
ইপিনে নগাঁও জিলাত শেহতীয়াকৈ বৃদ্ধি পোৱা অপৰাধমূলক ঘটনাত চিন্তিত হৈ পৰিছে সচেতন মহল। শেহতীয়াকৈ কেইবাটাও ধৰ্ষণ আৰু হত্যাৰ ঘটনাই জিলাখনক জোকাৰি যোৱাৰ পিছত এনে আশংকা বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে যোৱা মঙলবাৰে নিশা নগাঁৱৰ আমনিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আগচি ধৰি এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ এক ঘটনা সংঘটিত হৈছিল।
ইপিনে সাহস, মানৱীয়তা আৰু সৰলতাৰ দৃষ্টান্ত দাঙি ধৰি ৰাস্তাত পৰি থকা ধৰ্ষিতা মহিলাগৰাকীক উঠাই নি জখলাবন্ধা আৰক্ষীক চমজাই দিয়ে গুৱাহাটীৰপৰা উজনি অভিমুখী এখন টেংকাৰৰ ড্ৰাইভাৰ-কৰ্মচাৰীয়ে।
ইপিনে এই ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত ৰাজেশ ধৰ নামৰ এজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।