NORTHEAST NOW (Assamese)

ডিমৌত শিৱ মন্দিৰৰ মজিয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ : পুত্ৰৰ মৃত্যুৰ খৱৰ পাই পিতৃৰো মৃত্যু

October 6, 2018 11:41 am · হিতোজ্বল চেতিয়া
যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা আঠাবাৰী পুখুৰী পাৰত অৱস্থিত শিৱ মন্দিৰটো। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত আঠাবাৰী পুখুৰী পাৰত অৱস্থিত শিৱ মন্দিৰৰ মজিয়াত শুকুৰবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো আঠাবাৰী বঙালী গাঁৱৰ সুনীল গঞ্জু (৩০) নামৰ ব‍্যক্তিজনৰ বুলি স্থানীয় ৰাইজে চিনাক্ত কৰিছে।

পুৱাই স্থানীয় ৰাইজে মন্দিৰটোৰ মজিয়াত যুৱকজনৰ মৃতদেহ পৰি থকা প্ৰত‍্যক্ষ কৰি লগে লগে ডিমৌ আৰক্ষীক খৱৰ দিয়ে। ডিমৌ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ডিমৌ থানালৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ পঠোৱাৰ ব‍্যৱস্থা কৰে।

আনহাতে, সদৌ আদিবাসী ছাত্র সন্থাৰ ডিমৌ আঞ্চলিক সমিতিয়ে যুৱকজনৰ মৃতদেহ মন্দিৰৰ মজিয়াত উদ্ধাৰ হোৱাটো এক ৰহস‍্যজনক ঘটনা বুলি সন্দেহ কৰি ডিমৌ থানাত এখন অভিযোগ পত্ৰ প্ৰদান কৰে।

আছাৰ ডিমৌ আঞ্চলিকৰ সম্পাদক ললিত তাঁতীয়ে প্ৰেৰণ কৰা পত্ৰখনত  মন্দিৰটোত  দিনে ৰাতিয়ে এজন পূজাৰী থকাৰ পিছত কি পৰিস্থিতিত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ’ল, সেই সন্দৰ্ভত ডিমৌ আৰক্ষীক এক নিখুঁত তদন্ত কৰাৰ দাবী জনাইছে।

ইপিনে মৃত্যু হোৱা যু্কজনৰ খৱৰ পাই পিতৃ  বগা গঞ্জু নিজগৃহতে ঢলি পৰে আৰু লগে লগে শেষনিশ্বাস ত‍্যাগ কৰে। পিতা-পুত্ৰ দুয়োজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।

Related News