• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ বিৰোধিতা মাওবাদীৰ

মাওবাদীৰ মতে অসমৰ এনআৰচিয়ে এচাম ৰাষ্ট্ৰবিহীন, আৰ্থ-সামাজিকভাৱে শোষণযোগ্য শ্ৰমিকৰ সৃষ্টি কৰিব

NE NOW NEWS সুবীৰ ভোমিক
কলকাতা , October 6, 2018 12:46 pm

2 min read

nrc-1-678x381
229
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰতি তীব্ৰ বিৰুদ্ধ ভাৱ পোষণ কৰিছে মাওবাদীয়ে। বিজেপিয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নোহোৱা সকলক বিতাড়িত কৰিব বুলি ভাবুকি দিয়াটো মুঠেই গ্ৰহণোযগ্য নহয় বুলি বৰ্ণনা কৰিছে মাওবাদীসকলে।

এটা সংবাদ বিবৃতিত ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ ইষ্টাৰ্ন ব্যুৰোৰ তৰফৰ পৰা কোৱা হৈছে যে দেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ দ্বাৰা নাগৰিক অধিকাৰৰ পৰা সম্পূৰ্ণ বঞ্চিত এচাম শোষণযোগ্য শ্ৰমিকৰ সৃষ্টি কৰাৰ প্ৰচেষ্টাৰ তেওঁলোক বিৰোধী।

বিবৃতিটোত ভেদাভেদ সৃষ্টি কৰা আৰু আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে বিজোপি চৰকাৰক দোষাৰোপ কৰা হৈছে।

মাওবাদীৰ সংবাদ বিবৃতিটোত কোৱা হৈছে, ‘‘কেবল অসমতেই নহয়, পূ্ৰ্ব ভাৰতত যি যি ৰাজ্যত বিজেপিয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰিব বিচাৰিছে, সেই সেই ৰাজ্যতেই এটা আতংকজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ২০১১ চনত পশ্চিম বংগৰ ঝড়গ্ৰাম বনাঞ্চলত মাওবাদীৰ সামৰিক শাখাৰ প্ৰধান কোটেশ্বৰ ৰাও ওৰফে কিষেণজীৰ আৰক্ষীৰে সৈতে সংঘৰ্ষত মৃত্যু হোৱাৰ পাছত এই প্ৰথমবাৰৰ বাবে মাওবাদীৰ ইষ্টাৰ্ন ব্যুৰোই প্ৰথমবাৰৰ বাবে বিবৃতি প্ৰকাশ কৰিছে।

ধাৰণা কৰা হয় যে কিষেণজীৰ মৃত্যুৰ পাছত এলেকাটোত মাওবাদীৰ প্ৰভাৱ যথেষ্ট হ্ৰাস পাইছে।

বিজেপিৰ পশ্চিম বংগৰ সভাপতি দিলীপ ঘোষে কৈছে যে মাওবাদীৰ এই বিবৃতিটো ‘তৃণমূল লাইন’ৰ এটা প্ৰতিৰূপ মাথোঁ। এই মন্তব্যটো পশ্চিম বংগৰ শাসনাধিস্থ দলটোৰ পৰা লাভ কৰা প্ৰেৰণাৰ ফল হ’ব পাৰে বুলিও তেওঁ কয়।

আনহাতে তৃণমূলৰ মন্ত্ৰী শুভেন্দু অধিকাৰীয়ে তেওঁৰ দলৰ সৈতে মাওবাদীসকলৰ কোনো সংযোগ থকাৰ কথা অস্বীকাৰ কৰিছে। তেওঁ কৈছে যে তেওঁৰ কাৰ্যকালতেই বিদ্ৰোহীসকলক হত্যা কৰা হৈছিল।

উল্লেখ্য যে কলিকতাত পূৰ্বীয় ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত এখন শেহতীয়া সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে মাওবাদীসকলৰ সাম্ভাব্য উত্থানৰ বিষয়টো উত্থাপন কৰিছিল।

Recent News

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd