NORTHEAST NOW (Assamese)

কাজিৰঙাৰ অভিজাত হোটেলৰ কোঠাত যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ

September 23, 2018 4:07 pm · উত্তম শইকীয়া
কাজিৰঙাস্থিত আয়'ৰা হোটেল

কাজিৰঙাৰ বগৰিজুৰিত থকা আয়’ৰা নামৰ অভিজাত হোটেলখনৰ চৌহদত কৰ্মচাৰীৰ বাবে থকা কোঠাত এজন যুৱকৰ ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে।

মৃত যুৱকজনক আয়’ৰা হোটেলখনৰ সমীপৰে বাসিন্দা বিজয় গড় বুলি চিনাক্ত কৰা হৈছে, জানিব পৰা মতে বিজয় গড়ে  উক্ত হোটেলখনত যোৱা কিছুদিনৰ পৰা আশ্ৰয় লৈ আছিল।

ঘটনাৰ বিৱৰণি অনুসৰি আজি পুৱা কৰ্মচাৰীৰ বাবে থকা এটা কোঠাৰ খিৰিকীত গামোচাৰে ওলমি থকা অৱস্থাত বিজয় গড়ৰ মৃতদেহ হোটেলখনৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে।

উল্লেখযোগ্য যে মৃত গড়ৰ পৰিয়ালত কোনো নাই যদিও আয়’ৰাৰ সমীপতে তেওঁৰ যথেষ্ট মাটি আছে। অলপতে এক দূৰ্ঘটনাত ভৰিত আঘাত পোৱাৰ বাবে আয়’ৰাৰ কৰ্তৃপক্ষই তেওঁক হোটেলতে ৰাখি চিকিৎসা প্ৰদান কৰি আছিল।

ঘটনাৰ সম্পৰ্কত আৰক্ষীয়ে খবৰ পোৱাত ঘটনাস্থলীত উপস্থিত হৈ গড়ৰ মৃতদেহ সংগ্ৰহ কৰি সম্প্ৰতি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তদুপৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে।

Related News