NORTHEAST NOW (Assamese)

বোকাখাতৰ ধনশিৰিমুখৰ পানী যুঁৱলিত কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

June 28, 2021 12:39 pm · উত্তম শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

বোকাখাতৰ ধনশিৰিমুখ মথাউৰিৰ কাষৰ পানী যুঁৱলিত আজি পুৱা এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় ৷

উদং গাৰে পানী যুঁৱলিত উপঙি থকা মৃতদেহটোৱে পুৱাতে ধনশিৰিমুখত চাঞ্চল্যৰ সৃষ্টি কৰে ৷ স্থানীয় লোকে খবৰ দিয়াৰ পাছতে বোকাখাতৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় ৷

আৰক্ষীৰ উপস্থিতিত সমীপৰ যুগলআটি গাওঁৰ সাধ মুণ্ডাই মৃতদেহটো তেওঁৰে পুত্ৰ অবিনাশ মুণ্ডাৰ বুলি চিনাক্ত কৰাৰ পিছতেই  ঘটনাস্থলীত উপস্থিত হোৱা সংগীতা মুণ্ডাই মৃতদেহটো তেওঁৰ পুত্ৰ পংকজ মুণ্ডাৰ বুলি দাবী কৰে ৷

পিছত আৰক্ষীৰ তদন্তত ম়তদেহটো পংকজ মুণ্ডাৰ বুলি নিশ্চিত হয় ৷

উল্লেখ্য যে অবিনাশ মুণ্ডা আৰু কুমুদ মুণ্ডা নামৰ দুজন সমনীয়াৰ লগত শনিবাৰৰ দিনাই ঘৰৰ পৰা ওলাই আহিছিল পংকজ মুণ্ডা ৷

ধনশিৰিমুখত তেওঁলোকৰ লগ এৰি এজন অচিনাক্ত লোকৰ সৈতে পংকজ মুণ্ডা গুচি যোৱা বুলি অবিনাশ মুণ্ডা আৰু কুমুদ মুণ্ডাই অৱগত কৰে ৷

ইয়াৰ পিছতেই পংকজ মুণ্ডাৰ মৃতদেহ আজি পুৱা ধনশিৰিমুখৰ পানী যুঁৱলিত উদ্ধাৰ হয় ৷

পংকজ মুণ্ডাৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে বোকাখাত আৰক্ষীয়ে ৷

Related News