NORTHEAST NOW (Assamese)

ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ সংহাৰ; মৃতকৰ সংখ্যা পালেগৈ ১০৭ জন

July 22, 2019 7:13 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।উৎস-ইণ্টাৰনেট

ৰাজ্যখনৰ বানপানীৰ প্ৰলয়ৰ মাজতে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৭ টা স্পৰ্শ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দৈনিক প্ৰতিবেদন অনুসৰি ২১ জুলাইত আৰু তিনিজন লোকৰ মৃত্যুৰ কথা উল্লেখ কৰিছে।

শেহতীয়াকৈ বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ পৰা আহিছে উক্ত তিনিজন লোকৰ মৃত্যুৰ খবৰ। যোৱা এপ্ৰিল মাহৰ পৰা ২১ জুলাইলৈকে ৰাজ্যখনত মুঠ ৪৬৯ টা জাপানীজ এনকেফেলাইটিছৰ ঘটনা পোহৰলৈ আহিছে।

উল্লেখ্য যে ৰাজ্যত জাপানীজ এনকেফেলাইটিছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছতেই বিষয়টো গুৰুত্ব সহকাৰে লৈ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩০ ছেপ্তেম্বৰ পৰ্যন্ত বাতিল কৰিছিল চিকিৎসকৰ চুটী। কিন্তু ইমানৰ পিছতো ৰাজ্যত বৃদ্ধি পাইয়ে আছে মৃতকৰ সংখ্যা।

জাপানীজ এনকেফেলাইটিছৰ ফলত প্ৰতিদিনে এজনকৈ লোকে মৃত্যুমুখত পৰা ঘটনাই স্বাভাৱিকতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিফলতাৰ প্ৰকৃত ছবি উদঙাই দিছে।

Related News