ছত্তিশগড়ৰ শক্তি জিলাৰ সিংগীতৰাইত অৱস্থিত বেদান্ত লিমিটেডৰ থাৰ্মেল পাৱাৰ প্লাণ্টত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে। মঙলবাৰে বিয়লি বয়লাৰৰ পৰা টাৰ্বাইনলৈ অতি উচ্চ চাপৰ ভাপ কঢ়িয়াই নিয়া এডাল ষ্টিলৰ পাইপত হোৱা এক ভয়ংকৰ বিস্ফোৰণৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
এই ঘটনাত প্ৰায় ২০ জন শ্ৰমিক আহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ৫ জনক উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে আৰু বাকী ১৫ জন বৰ্তমান ৰায়গড় জিলাৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। নিহতসকলৰ ভিতৰত বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, উত্তৰ প্ৰদেশ আৰু ছত্তিশগড়ৰ লোক আছে বুলি চিনাক্ত কৰা হৈছে।
এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে বেদান্ত কোম্পানীয়ে নিহতসকলৰ পৰিয়াললৈ ৩৫ লাখ টকাৰ ক্ষতিপূৰণ আৰু সংস্থাপনৰ সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। লগতে আহতসকলক ১৫ লাখ টকাকৈ দিয়াৰ লগতে তেওঁলোক সম্পূৰ্ণ সুস্থ নোহোৱালৈকে দৰমহা দি থকাৰ প্ৰতিশ্ৰুতি দিছে। আনহাতে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছায়ে নিহতসকলৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ চৰকাৰী সাহায্য ঘোষণা কৰিছে। লগতে তেওঁ বিলাসপুৰৰ আয়ুক্তক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।
জিলা প্ৰশাসনেও এই সমগ্ৰ ঘটনাটোৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। শক্তি জিলাৰ উপায়ুক্তই ডভৰাৰ মহকুমাধিপতিক এই তদন্তৰ দায়িত্ব দিছে আৰু ৩০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ইফালে, দুৰ্ঘটনাৰ ১৭ ঘণ্টা পাছতো বহুত পৰিয়ালে নিজৰ আপোনজনক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। প্ৰশাসন বা কোম্পানী কাৰো ফালৰ পৰাই কোনো আনুষ্ঠানিক তালিকা প্ৰকাশ নকৰাৰ বাবে বিশেষকৈ প্ৰব্ৰজিত শ্ৰমিকসকলৰ পৰিয়ালবোৰ চিকিৎসালয় আৰু প্লাণ্টৰ গেটত দিশহাৰা হৈ ঘূৰি ফুৰিবলগীয়া হৈছে।
এই ঘটনাৰ পাছতে বিৰোধী দল কংগ্ৰেছে কোম্পানীৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে ন্যায়িক তদন্তৰ দাবী জনাইছে। কংগ্ৰেছে অভিযোগ কৰিছে যে এই ঘটনাত ব্যাপক গাফিলতি হৈছে আৰু চৰকাৰে দোষীক বচাবলৈ চেষ্টা কৰিছে। প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী টি এছ সিংদেৱেও প্ৰশাসনৰ গাফিলতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে আৰু প্লাণ্টটোত এম্বুলেন্সৰ দৰে প্ৰাথমিক চিকিৎসাজনিত সুবিধা নথকাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে। উল্লেখ্য যে এই ১২০০ মেগাৱাটৰ প্ৰকল্পটো প্ৰথমতে ২০০৯ চনত আৰম্ভ কৰা হৈছিল আৰু ২০২২ চনত বেদান্তই ইয়াক নিজৰ হাতলৈ লৈছিল।





