NORTHEAST NOW (Assamese)

দিল্লীৰ ভয়াবহ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি; ফিল্মিস্তান অঞ্চলত ধোঁৱাৰ কুঁৱলী

December 8, 2019 11:48 am · এন ই নাও নিউজ
Updated: December 8, 2019 12:34 pm

ৰাজধানী দিল্লীৰ ৰাণী ঝান্সি ৰোডত থকা পাচলিৰ বজাৰত দেওবাৰে পুৱা সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি পাইছে।

অগ্নিকাণ্ডটো সংঘটিত হোৱা গোটেই ফিল্মিস্তান অঞ্চলটো ধোঁৱাৰ কুঁৱলীৰে আছন্ন হৈ পৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৰ্তমানলৈ ৪৩জন লোকৰ মৃত্যু ঘটিছে আৰু আন বহুকেইজন লোক গুৰুতৰভাৱে আহত হৈছে। গুৰুতৰভাৱে আহতসকলৰ মাজক ১৫জন লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

দেওবাৰে পুৱা প্ৰায় ৫বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডটো শ্বৰ্ট ছাৰ্কিটৰ বাবেই হোৱা বুলি কোৱা হৈছে।

বৰ্তমান অগিন নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোৰ পৰা আক্ৰান্ত লোকসকলক উদ্ধাৰ কৰা হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি বিভিন্ন নেতাই টুইটাৰ যোগে ঘটনাটোত দুখ প্ৰকাশ কৰিছে।

জানিব পৰা মতে, পাচলিৰ বজাৰত থকা এটা অট্টালিকাত অগ্নিকাণ্ডটো সংঘটিত হয়। বজাৰখনত থকা এটা তিনিমহলীয়া অট্টালিকাত থকা বেকাৰীৰ ওপৰৰ মহলাত অগ্নিকাণ্ডটো সংঘটিত হয়।

অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে প্ৰায় ৩০খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ যুদ্ধকালীন তৎপৰতাৰে নামি পৰে।

ঘটনাৰ পাছতে আহত লোকসকলক হাস্পাতললৈ প্ৰেৰণ কৰা হয়। আহতসকলক চাৰিখন বেলেগ বেলেগ বেলেগ হাস্পাতললৈ প্ৰেৰণ কৰা হয়।

আহতসকলক আৰ এম এল, এল এন জি পি, হিন্দু ৰাও আৰু ছফদৰজং হাস্পাতলত ভৰ্তি কৰা হৈছে।

Related News