• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যান-জঁটৰ পৰা পৰিত্ৰাণ; শীঘ্ৰেই নিৰ্মাণ হ’ব গুৱাহাটীত বহুকেইখন উৰণীয়া সেঁতু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 8, 2019 11:59 am
478
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ যান-জঁটৰ পৰা মহানগৰবাসীক পৰিত্ৰাণ দিবলৈ ৰাজ্য চৰকাৰৰ গড়কপ্তানি বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটীত নিৰ্মাণ হ’ব বহুকেইখন উৰণীয়া সেঁতু। দেওবাৰে চুপাৰ মাৰ্কেটৰ পৰা ছয়মাইল আৰু লাষ্টগেট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে গণেশগুৰি উৰণীয়া সেঁতুৰ পৰা ৰাধা গোবিন্দ পথ সংযোগী উৰণীয়া সেঁতুৰ কাম আৰম্ভ হৈছে। ৫৪ কোটি টকা ব্যয় সাপেক্ষে এই দলং নিৰ্মাণ হ’ব বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ।

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি গণেশগুৰিৰ পৰা খানাপাৰালৈ আৰু চুপাৰ মাৰ্কেটৰ পৰা হাতীগাঁও, বিধায়ক আবাস সংযোগী হ’ব এই উৰণীয়া সেঁতু। তিনিবাহুযুক্ত হ’ব এই সেঁতু। ২ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰিব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ।

গড়কপ্তানি বিভাগৰ অভিযন্তা অনিল দাসক এই উৰণীয়া সেঁতু নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে ১২৭ কোটি টকা ব্যয় সাপেক্ষে এই দলং নিৰ্মাণ কৰা হ’ব বুলিও কয়।

এইখনেই আটাইতকৈ দীঘল উৰণীয়া সেঁতু হ’ব আৰু ইয়াৰ দৈৰ্ঘ্য হ’ব ১.৪ কিলোমিটাৰ।

আনহাতে, মালিগাঁৱৰ পৰা জালুকবাৰী উৰণীয়া সেঁতুলৈকে মুঠ ৪ কিঃমিঃ দৈর্ঘৰ দলং নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও মন্ত্ৰী হিমন্তই জনায়।

“বিমানবন্দৰ পৰা পোনে পোনে ভূতনাথলৈকে কোনো যান-জঁটৰ সন্মুখীন নোহোৱাকৈ যাত্ৰীসকল আহিব পাৰিব। এই সেঁতুৰ এটা বাহু পাণ্ডু হৈ সোমাব আৰু কামাখ্যা মন্দিৰত গৈ লগ হ’ব।” হিমন্তই কয়।

লগতে এই উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ হওঁতে তিনি বছৰ লাগিব বুলি হিমন্তই কয়।

আনহাতে, বশিষ্ঠ, লখৰা, গড়চুক আৰু বাইহাটা চাৰিআলিত অতি সোনকালে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি মন্ত্ৰী হিমন্তই আজিৰ অনুষ্ঠানতে উল্লেখ কৰে।

“এই দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে।” হিমন্তই কয়।

ইফালে ২০২০ ৰ শেষৰ ফালে লাচিত ঘাটৰ পৰা ৰাজভৱন সংযোগী উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি হিমন্তই বিশ্ব শৰ্মাই উল্লেখ কৰে।

ইয়াৰোপৰি, গুৱাহাটীৰ সমান্তৰালকৈ বৰপেটা, সৰভোগ, ৰঙাপাৰা, ডিব্ৰুগড়, তেজপুৰ ইত্যাদি অঞ্চলত মুঠ ১২ খন উৰণীয়া সেঁতু নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

আজিৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু বিধায়ক অতুল বৰা উপস্থিত থাকে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd