“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সম্পদ এপদ এপদকৈ গুজৰাটী বনিয়াক বিক্ৰী কৰিছে”—কাৰ অভিযোগ এয়া?

bhaba

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সম্পদ এপদ এপদকে গুজৰাটী বনিয়াক বিক্ৰী কৰিছে। মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াও গুজৰাটী বনিয়াকে বিক্ৰী কৰাৰ যো-জা চলাইছে মোডীয়ে।

মাৰ্ঘেৰিটাত এই অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াই।

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা ব্যতিক্ৰমী গণ সংযোগৰ অভিযান “অসম বচাও আহক” বাছ যাত্ৰা কাৰ্যসূচী অব্যাহত ৰাখিছে।

মাৰ্ঘেৰিটা সমষ্টিত অৱস্থিত মোলাং বৌদ্ধ মন্দিৰৰ পৰা পুৱ এই যাত্ৰা আৰম্ভ কৰে, এই যাত্ৰাৰ শুভাৰম্ভ কৰে কংগ্ৰেছ দলৰ বিৰোধী দলপতি শ্রীদেৱব্রত শইকীয়া ।

শইকীয়াৰ লগত উপস্থিত থাকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সম্পাদক বিকাশ উপাধ্যায় , অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী প্ৰণতি ফুকন সহ বহু কেইগৰাকী স্থানীয় নেতা সদস্যই এই কাৰ্যসূচীত অংশ লয় ।

উল্লেখ্য শেহতীয়াকৈ কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে গণ জাগৰণৰ সৃষ্টি কৰিবলৈ “অসম বচাও আহক” বাছ যাত্ৰা কাৰ্যসূচী  গ্ৰহণ কৰিছে। লক্ষ্যণীয় ভাবে কংগ্ৰেছৰ এই কাৰ্যসূচীলৈ জনতাই সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে । ফলত শংকিত হৈ পৰিছে বিজেপি।