• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2021 4:57 pm
Debabrata-Saikia22

দেৱব্ৰত শইকীয়া। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ সম্বোধন কৰিবলগীয়া জনসমাৱেশৰ পূৰ্বে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই মোদীয়ে পূৰ্বৰ নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ কিয় ৰূপায়ন কৰিব পৰা নাই সেই সম্পৰ্কে জনসভাত বিস্তৃতভাৱে উল্লেখ কৰাৰ বাবে আহ্বান জনাইছে।

বিগত নিৰ্বাচনৰ ভিজন ডকুমেণ্টত শিৱসাগৰৰ উন্নয়নক লৈ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি সমূহো পুনৰ বাৰে দেৱব্ৰত শইকীয়াই সোঁৱৰাই দিয়াৰ লগতে ইয়াক ৰূপায়নৰ বাবেও আহ্বান জনায়।

Apply Now

দেৱব্ৰত শইকীয়াই মোদীক সোঁৱৰাই দি ৰূপায়ন কৰিবলৈ আহ্বান জনোৱা শিৱসাগৰক লৈ কৰা প্ৰতিশ্ৰুতি সমূহ আছিল এনেধৰণৰ-

ক) ১৫৩০ গৰাকী শিক্ষক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি, যিটো আজিও ৰূপায়িত নহ’ল।

খ) চাহ জনগোষ্ঠীয় এলেকা, সীমান্তৱৰ্তী এলেকা তথা অন্যান্য পাছপৰা এলেকাত থকা বহুতো বিদ্যালয় প্ৰাদেশীকৰণ আইন অনুসৰি যোগ্য হোৱাৰ পাছতো আজি পৰ্যন্ত প্ৰাদেশীকৰণ কৰা নহ’ল।

গ) UPA চৰকাৰৰ সময়ত বিজয় সন্দিকৈ ডাঙৰীয়া যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল, তেতিয়া  সতী জেৰেঙা পথাৰত “সতী জয়মতী কলাক্ষেত্ৰ” নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছিল। কিন্তু পৰৱৰ্তীকালত চৰকাৰ সলনি হোৱাৰ পিছত, আজিলৈ ভাৰত চৰকাৰে এই কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে। সেয়েহে ইয়াৰ বাবে লাগতীয়াল পুঁজি দিবলৈ কালিৰ সভাখনতে ঘোষণা কৰিব লাগে।

ঘ)UPA চৰকাৰৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী সকলক দক্ষতা প্ৰদান কৰাৰ লগতে সংস্থাপন দিয়াৰ বাবে “ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউট” নামৰ এটা অনুষ্ঠান আজিৰ পৰা ৮-৯ বছৰ আগতে স্থাপন কৰিছিল। যদিও তাত পাঠদান চলি আছে কিন্তু আন্তঃগাথঁনিৰ ক্ষেত্ৰত একেবাৰে পিছপৰি আছে। এই বিষয়ত মই ২০১৮ চনতেই প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু এতিয়া পুনৰ পত্ৰ প্ৰেৰণ কৰি তেখেতক মনত পেলাই দিছোঁ। সেয়েহে মোৰ আশা কালিৰ এই সভাখনতে তেখেতে ইয়াৰ বাবে লাগতীয়াল পুঁজিৰ ঘোষণা কৰি যাব।

ঙ) তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ সময়ত শিৱসাগৰত নিৰ্মিত “অসম ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ কো-অপাৰেটিভ মেনেজমেন্ট” অনুষ্ঠানটো আজি অতি পুতঃলগা অৱস্থাত আছে, ইয়াৰে ৩৪ জন শিক্ষকৰ পদ আজিও অসম চৰকাৰে অনুমোদন জনোৱা নাই আৰু স্থায়ী গৃহৰ বাবে প্ৰস্তাৱিত ২২ কোটি টকা আজিও ফাইলতে আৱদ্ধ হৈ আছে। যদিও আমি ইয়াৰ বাবে বহু বাৰ চৰকাৰক আৱেদন নিবেদন জনালো, তাৰ বাবে চৰকাৰৰ পৰা কোনো সহাঁৰি নাপালোঁ। আশা কৰোঁ কালি ইয়াৰ ওপৰত দুয়োখন ডাবল ইঞ্জিনৰ চৰকাৰে পুঁজি ঘোষণা কৰি যাব।

চ) যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাতে একোখন কৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ ঘোষণা কৰিছিল, সেয়েহে এই বছৰতে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰি দিয়ে।

ছ) তাৰ লগতে সমগ্ৰ অসমবাসীক যোৱা নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ যেনে, ৬ জনগোষ্ঠীৰ জনজাতি কৰণ, চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, ৫ লাখ‌নিবনুৱাক প্ৰতিবছৰে সংস্থাপন দিয়া, বানপানীক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰাৰ লগতে অন্যান্য প্ৰতিশ্ৰুতি সমূহ নিৰ্বাচনৰ পূৰ্বে ৰূপায়ন কৰিলোঁ বুলি শ্বেতপত্ৰ প্ৰকাশ কৰি জনাই তাৰ বাবে মই আহ্বান জনালোঁ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd