• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি দলৰ ৬১ মাহৰ চৰকাৰৰ কাম-কাজ সন্তোষজনক নহয়!: দেৱব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 10, 2021 6:29 pm
Debabrata-Saikia8-768x469

দেৱব্ৰত শইকীয়া। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন ড° হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰ খনে এমাহ পাৰ কৰিলে। এই কালছোৱাত, সামগ্ৰীক ভাবে সকলো ক্ষেত্ৰতে মূল্যাংকন কৰাটো অনুচিত হ’ব, ইতিমধ্যে তেওঁলোকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ মোনাখনত অত্যাধিক বোজা আছে। যদিও এই এমহীয়া শাসনকালত, চৰকাৰখনে কেইটামান সমাজ শুধাৰক পদক্ষেপ গ্ৰহণ কৰিছে। এই মন্তব্য কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ।

শইকীয়াই কয় —বিশেষকৈ, ড্ৰাগছ্ আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে লোৱা পদক্ষেপক মই আদৰণি জনাইছোঁ। এয়া আৰম্ভণিহে, ইয়াক সমাজৰ পৰা সমুলঞ্চে নাইকীয়া কৰিবলৈ চৰকাৰে আৰু অধিক উৎসাহেৰে কাম কৰি যাব লাগিব। মাত্ৰ এমহীয়া চমক দেখুৱাই এই অভিযান সমূহ পিছলৈ আঁতৰাই থৈ দিলে, এয়া মাত্ৰ এক প্ৰচাৰৰ আহিলা হিচাপেহে পৰিগণিত হ’ব। সেয়েহে এই অভিযান পুৰ্ণ গতিত চলাই নিব বুলি মই চৰকাৰৰ পৰা আশা ৰাখিছোঁ।

Apply Now

কিন্তু এটা কথা মন কৰিবলগীয়া যে, আমি আগৰপৰাই যিবোৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে চৰকাৰখনক অৱগত কৰাই আহিছিলোঁ, সেয়া যে সত্য আছিল, আজি বৰ্তমান চৰকাৰে ড্ৰাগছ্ , ছিণ্ডিকেট ইত্যাদিৰ ক্ষেত্ৰত দেখুওৱা তৎপৰতাৰ পৰাই উমান পোৱা যায়, যদিও যোৱা সময়চোৱাত, পুৰণি বিজেপি চৰকাৰখনে, এই সকলোবোৰ বিষয়ৰ ওপৰত নিমাত হৈ আছিল আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ ফটা ঢোল পিটি আছিল। যি নহওঁক, আজি ৬১ মাহৰ পিছত বিজেপি চৰকাৰ খনে এইবোৰ ক্ষেত্ৰত দেখুওৱা তৎপৰতাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।

ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হোৱা এই চৰকাৰ খনে বিধানসভাৰ মজিয়াত, ১লাখ নিবনুৱা যুৱক-যুৱতীক গণি গণি চাকৰি দিয়াৰ কথা উল্লেখ কৰিছে, তাক মই আদৰণি জনাইছোঁ, কিন্তু, যোৱা নিৰ্বাচনত, তেখেত সকলে ২৫ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই হিচাপত, ২৪ লাখ নিবনুৱাকো কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিব।
মুখ্যমন্ত্ৰীয়ে কৈছে যে, প্ৰতিমাহে ১০ তাৰিখৰ আগত ‘অৰুণোদয়’, ‘বৃদ্ধ-পেঞ্চন’ আদিৰ পাবলগীয়া ধন হিতাধিকাৰী সকলে পাব, যিটো সংবাদ মাধ্যমে হওক বা ছোছিয়েল মিডিয়াতে হওক অলপ বেছিকৈ চৰ্চিত কৰিছে, যদিও মই এইটো কোনো বিশেষ সাফল্য বুলি ক’ব নিবিচাৰোঁ।

 

যিহেতু, মন্ত্ৰী, বিধায়কৰ পৰা কৰ্মচাৰী সকলে তেওঁলোকৰ দৰমহা মাহৰ প্ৰথমটো সপ্তাহতে পাই, গতিকে হিতাধিকাৰী সকলে ও এই ধন প্ৰতি মাহৰ প্ৰথম সপ্তাহতে পাব লাগে। ইয়াৰ উপৰিও, যোৱা ৭ বছৰ ধৰি কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ আছে, যোৱা ৫ বছৰ অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ আছিল, তেনে ক্ষেত্ৰত এয়া সিমান কঠিন কাম হ’ব নালাগে।

 

এতিয়া যিহেতু সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনো ক’ভিড মহামাৰীৰ কবলত আছে। কিন্তু যোৱা বছৰ ক’ভিড মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত, স্বাস্থ্য বিভাগে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিছিল, এইবাৰ তেনেকুৱা তৎপৰতা দেখিবলৈ পোৱা নাই। বিশেষকৈ যিধৰণে, ৰাজ্যতে, ৪৫ বছৰৰ উৰ্দ্ধৰ তথা ১৮ বছৰ বা তাৰ উৰ্দ্ধৰ লোক সকলক টীকাকৰণ কৰাৰ প্ৰক্ৰিয়া আগবঢ়াব লাগিছিল, তেনেকুৱা দেখিবলৈ পোৱা নাই। আমি সকলোৱে দেখিছোঁ, প্ৰতিষেধক টীকাৰ অভাৱত টীকাকৰণ প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰিছে। ” ডাবল ইঞ্জিনৰ ” চৰকাৰৰ পৰা ৰাইজে এই ধৰণৰ ফল আশা কৰা নাছিল। মোৰ নিজৰ সমষ্টিতে এতিয়াও মৃত্যুৰ হাৰ ৫.৫% হৈ আছে।

এমাহ একেবাৰে কম সময় এই চৰকাৰৰ কাম-কাজৰ ওপৰত মূল্যাংকন কৰিবলৈ, তথাপিও চৰকাৰৰ বহুত কৰণীয় আছে আগন্তুক সময়ত। বিশেষকৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি, গৰাখহনীয়া প্ৰতিৰোধ কৰা, বান নিয়ন্ত্ৰণ কৰা, নিবনুৱা সমস্যা সমাধান কৰাৰ লগতে, যোৱা সময়চোৱাত, যেনেকৈ চৰকাৰখনে উন্নয়নমূলক কাম-কাজত বিৰোধী পক্ষৰ বিধায়ক সকলৰ লগত পক্ষপাতিত্ব কৰিছিল, সেয়া আঁতৰাই উন্নয়নৰ কাম কৰিবলৈ সকলোকে সুবিধা দিব লাগিব। ইয়াৰ জৰিয়তে, নতুন চৰকাৰ খনক পুনৰবাৰ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd