• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীৰ বিষয়ে ৰাজ্যসভাত বিকৃত তথ্যৰে দিয়া বক্তব্য কাৰ্য্যক্ৰমণিকাৰ পৰা বাদ দিবলৈ দাবী জনাই পত্ৰ দেৱব্ৰত শইকীয়াৰ

“বিদেশী” মন্তব্যৰ বাবে ক্ষমা নুখুজিলে আদালতৰ কাষ চপাৰ ভাবুকি মাজুলীৰ সত্ৰাধিকাৰৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
January 4, 2020 9:03 pm
Debabrata-Saikia22

দেৱব্ৰত শইকীয়া। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ক’বলৈ গৈ যোৱা ১১ ডিচেম্বৰত ৰাজ্যসভাৰ মজিয়াত অসমৰ মাজুলীৰ বিষয়ে বিকৃত তথ্যৰে মহাৰাষ্টৰ বিজেপিৰ সাংসদ ভি পি সহস্রবুদ্ধেই দিয়া মন্তব্য কাৰ্য্যক্ৰমণিকাৰ পৰা মচি পেলাবলৈ অনুৰোধ জনাইছে দেৱব্ৰত শইকীয়াই।

ৰাজ্যৰ বিৰোধী দলৰ দলপতিজনে ৰাজ্যসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা পত্ৰখনত সাংসদজনক অসম আৰু বিশেষভাৱে মাজুলীৰ লোকৰ ওচৰত তেওঁৰ ভুল তথ্যৰ বাবে ক্ষমা খুজিবলৈ নিৰ্দেশ দিবলৈও কয়।

Apply Now

১১ ডিচেম্বৰত সহস্রবুদ্ধেই ৰাজ্যসভাত অসমৰ পৰিস্থিতিৰ বিষয়ে ক’বলৈ গৈ কাজিৰঙা আৰু মাজুলীৰ বিষয়ত মন্তব্য কৰিছিল।

অসমৰ মানুহে মিচিং সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান জ্ঞান কৰা “মাজুলীত থলুৱা মানুহ নাই, বিদেশীৰে ভৰি আছে” বুলি বিজেপিৰ সাংসদজনে উদাত্ত ভাষণত উল্লেখ কৰিছিল। বিজেপিৰ সাংসদজনৰ ভাষণত প্ৰচুৰ হাত চাপৰি দিছিল দলৰ আন আন সাংসদসকলে।

সহস্ৰবুদ্ধেৰ এই মন্তব্যৰ পিছতে অসমত যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল। মাজুলীৰ সত্ৰাধিকাৰ, নাগৰিক সমাজকে ধৰি বিভিন্নজনে আৰু দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

“এইটো হ’ল সত্যৰ অপলাপ। প্ৰকৃত কথাটো হ’ল মাজুলী কেইবা শতিকা ধৰি অসমৰ বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান হিচাপে চিহ্নিত হৈ আছে। ইয়াত ২২খন সত্ৰ বা বৈষ্ণৱ ধৰ্মৰ পীঠ আছে, যিবোৰে ঘৰুৱা আৰু বিদেশৰ পৰ্য্যটককো আকৰ্ষিত কৰি আহিছে”, দেৱব্ৰত শইকীয়াই পত্ৰখনত এইদৰে লিখা বুলি জানিব পৰা গৈছে।

শইকীয়াই এই কথাও পত্ৰখনত জনাইছে যে মাজুলীৰ মুঠ ১.৬৭ লাখ জনসংখ্যাৰ ভিতৰত ৪৬.৪ শতাংশ হ’ল খিলঞ্জীয়া জনজাতীয় লোক আৰু এই কাৰণেই তাৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধায়ক নিৰ্বাচিত হ’ব পাৰিলে।

আনহাতে ২০১১ চনৰ লোকপিয়ল মতে, মাজুলীৰ জনসংখ্যাৰ ৯৯.০৪ শতাংশ হিন্দু। তেনেস্থলত হিন্দুৰ ৰক্ষাকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হোৱা এজন সাংসদে মাজুলীৰ মানুহৰ বিষয়ে এনে মন্তব্য কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে শইকীয়াই।

আনহাতে এনে ভুল মন্তব্য উঠাই লৈ মাজুলীবাসীৰ ওচৰত ক্ষমা বিচাৰিবৰ বাবে সাংসদগৰাকীক পোন্ধৰ দিনৰ চূড়ান্ত সময় বান্ধি দিছে মাজুলীৰ সত্ৰাধিকাৰসকলে। ক্ষমা নুখুজিলে আদালতৰ কাষ চাপিবলৈ বাধ্য থাকিব বুলিও এখন পত্র যোগে জনাই দিছে স্বাক্ষৰকাৰী সত্রাধিকাৰসকলে৷

স্বাক্ষৰকাৰী সত্রাধিকাৰসকলৰ ভিতৰত আছে দক্ষিণপাট আশ্রমী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱ গোস্বামী, আধাৰ সত্রৰ সত্রাধিকাৰ মহেশ চন্দ্র গোস্বামী, গডমূৰ বৰ সত্রৰ অধিকাৰ পৰমানন্দ দেৱ গোস্বামী, বেলসিদ্ধিয়া সত্রৰ অধিকাৰ নন্দ দুলাল গোস্বামী আদি।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd