‘গ্ৰন্থ মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংগ। মানুহৰ জীৱনৰ সাৰ্থকতাৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়নৰ অপৰিসীম অৱদান অনস্বীকাৰ্য।‘ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ।
আজি গুৱাহাটী পাণবজাৰৰ এম আৰ পাব্লিকেশ্যনৰ উদ্যোগত অসম প্ৰকাশন পৰিষদৰ সভাগৃহত লেখক দেৱজিৎ বৰাৰ শিশু গল্প সংকলন ‘কণপোনাৰ বিলৈ’ উন্মোচন কৰি সাহিত্য সভাৰ সভাপতি গৰাকীয়ে এইদৰে কয়।
তেওঁ আৰু কয়, ‘মানুহৰ মৃত্যু হয় কিন্তু গ্ৰন্থৰ মৃত্যু কদাপি নহয়।’
নৱজ্যোতি পাথকে আঁত ধৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৰাজবংশীয়ে লগতে কয়, ‘অসমীয়া শিশু সাহিত্যৰ উত্তৰণৰ বাবে দেৱজিৎ বৰা আগবাঢ়ি অহাৰ দৰেই নতুন প্ৰজন্মৰ অন্য আগ্ৰহী সকলো আগবাঢ়ি আহিলে অসমীয়া শিশু সাহিত্যৰ এক জয়জয়কাৰ অৱস্থাত আমি পদাপৰ্ণ কৰিব পাৰিম।‘
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাহিত্য অকাদেমি বঁটা প্ৰাপক জয়ন্তমাধৱ বৰাই সুৰুচিপূৰ্ণ মনোভাৱ গঢ়ি তুলিবলৈ শিশুসকলক ৰুচিপূৰ্ণ শিশু সাহিত্যৰ খুবেই প্ৰয়োজন বুলি উল্লেখ কৰে।
তেওঁলোকৰ উপৰি অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, লেখক উৎপল দত্ত. ‘প্ৰকাশ-মুকুতা’ৰ সম্পাদক মিহিৰ দেউৰীয়ে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।