এ কে-৪৭ দেখুৱাই ডিমা হাছাওত দেৱলাল গাৰ্লোছাৰ গুণ্ডাবাহিনীৰ ভীতি প্ৰদৰ্শন : অভিযোগ অসম জনজাতীয় পৰিষদৰ

Dima Hasao

হোটেল লেণ্ডমাৰ্কত অসম জনজাতি পৰিষদৰ সংবাদমেল।

যোৱা ১১ আগষ্টত অসম জনজাতি পৰিষদে ডিমা হাচাওত শতাধিক লোকৰ সৈতে  ডিমা হাচাওৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোছাৰ পদত্যাগ আৰু তেওঁক গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদী সমদল বাহিৰ কৰিছিল। সেই প্ৰতিবাদী সমদলৰ পাছৰে পৰা অসম জনজাতি পৰিষদৰ সদস্যসকলৰ নিৰাপত্তা নাইকিয়া হৈছে বুলি আজি গুৱাহাটীৰ উলুবাৰীস্থিত হোটেল লেণ্ডমাৰ্কত এখন সংবাদমেল যোগে অভিযোগ আনিলে অসম জনজাতি পৰিষদে।

ডিমা হাছাও জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহীজনৰ সদস্যৰ গুণ্ডাবাহিনীয়ে অসম জনজাতি পৰিষদৰ ফিৰোজ লাংথাচা নামৰ নেতাজনক এ কে ৪৭ পিষ্টলেৰে ভীতি প্ৰদৰ্শন কৰা বুলি অভিযোগ আনিছে পৰিষদে। আজিৰ সংবাদমেলত উপস্থিত থকা ফিৰোজ লাংথাছাই এই কথা জানিবলৈ দিয়ে।

আনহাতে, পৰিষদৰ সাধাৰণ সম্পাদক জেদ নুনিছাই আৰক্ষীৰ সহায়তহে ডিমা হাচাওৰ পৰা গুৱাহাটীলৈকে আহি সংবাদমেলৰ আয়োজন কৰা বুলি উক্ত সংবাদমেলত উল্লেখ কৰে।

তাৎপয্যপূৰ্ণভাৱে যোৱা স্বাধীনতা দিৱসৰ দিনা মুখ্য কাৰ্য্যবাহী দেৱলাল গাৰ্লোছাই নিজেই তেওঁৰ ভাষণত তেওঁৰ সংগঠন নিণ্ডু লাংথাচাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল বুলি পৰিষদে সংবাদমেলত দাবী কৰে। লগতে গাৰ্লোছাৰ কেবিনেটৰে কাৰ্য্যবাহী সদস্য সুব্ৰত থাওচেনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেবলাল নিজৰ পি এছ অ’ হত্যা তথা অন্য হত্যাকাণ্ডৰ সৈতে জড়িত থকা বুলি গুৰুতৰ অভিযোগ আনে।

আনহাতে, উক্ত সংবাদমেলত উপস্তিত থকা ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তম মুখ্য কাৰ্য্যবাহী সদস্য দেৱজিৎ থাওচেনে ডিমা-হাচাওৰ পৰিস্থিতি বৰ্তমান সময়ত অতি লজ্জাজনক বুলি দাবী কৰে।

তেওঁ লগতে কয় ‘ডিমা-হাচাওৰ জনসাধাৰণক তেওঁৰ ওচৰত উগ্ৰপন্থীৰ বল আছে বুলি ভয় খুৱাই আছে।’

আনহাতে, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদখনৰ কাম-কাজ অত্যন্ত বেয়াৰ ফালে ঢাল খাইছে বুলি দাবী কৰাৰ লগতে দেবলাল গাৰ্লোছাৰ ওপৰত হত্যাৰ অভিযোগ উঠাটোও লজ্জাজনক কথা বুলি কয়।

তদুপৰি তেওঁ দেবলালে অতি সোনকালে পদত্যাগ কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে কয় ‘তেওঁৰ লাজ নাই বাবে এতিয়াও বহি আছে।‘

তেওঁ লগতে কয় ‘আমি যদি তেওঁক নিজে নমাব লগীয়া হয়, তেন্তে তেওঁৰ বাবেই এইটো বহুত লজ্জাৰ কথা হ’ব।‘

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থকা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য প্ৰকান্ত ৱাৰিয়াই জানিবলৈ দিয়া মতে ‘প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য এক্সন ডিমাছাই, যি বৰ্তমান জেইলত আছে, তেওঁ নিজেই আদালতত সাক্ষী দিছিল যে বৰ্তমানৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোছাই নিণ্ডু লাংথাচাক গুলিয়াই হত্যা কৰিছিল।‘

গতিকে এই অভিযোগৰ প্ৰকৃত ন্যায় বিচাৰ দাবী কৰাৰ লগতে দেবলাল গাৰ্লোছাক গ্ৰেপ্তাৰ কৰিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়।