প্ৰায় ৮ বছৰ পিছত উদ্ধাৰ ২৯ জোৱান সহিতে নিৰুদ্দেশ হোৱা বায়ুসেনাৰ বিমানৰ ধ্বংসাৱশেষ

debris of the Indian Air Force’s An-32 aircraft

২০১৬ চনত বংগোপসাগৰৰ ওপৰেৰে যাত্ৰাৰ সময়ত নিৰুদ্দেশ হোৱা ভাৰতীয় বায়ুসেনাৰ এন-৩২ বিমানৰ ধ্বংসাৱশেষ চেন্নাই উপকূলৰ ৩১০ কিলোমিটাৰ দূৰত্বত উদ্ধাৰ কৰা হৈছে।

আজি কেন্দ্ৰীয় প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি চেন্নাই উপকূলৰ পৰা প্ৰায় ৩১০ কিলোমিটাৰ দূৰত্বত সাগৰৰ তলত এখন দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ধ্বংসাৱশেষ ধৰা পৰিছে।

বিজ্ঞপ্তিটোত কেন্দ্ৰই উল্লেখ কৰা মতে, এই ধ্বংসাৱশেষসমূৰ পৰীক্ষাত বায়ুসেনাৰ নিৰুদ্দিষ্ট বিমান এন-৩২ৰ সৈতে মিল থকা দেখা যায়।

অঞ্চলটোত আন কোনো বিমান নিৰুদ্দেশৰ প্ৰতিবেদনৰ নথকাৰ বাবে এই ধ্বংসাৱশেষসমূহ সম্ভৱতঃ ভাৰতীয় বায়ুসেনাৰ এন-৩২ বিমানৰ বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, ২০১৬ চনৰ ২২ জুলাইৰ পুৱা ভাৰতীয় বায়ুসেনাৰ উক্ত এন-৩২ বিমানে চেন্নাইৰ তাম্বাৰম বায়ুসেনা ষ্টেচনৰ পৰা উৰা মাৰিছিল।

আন্দামান-নিকোবাৰ দ্বীপপুঞ্জৰ প’ৰ্ট ব্লেয়াৰলৈ যাত্ৰা কৰা বিমানখনত ক্ৰুসহ মুঠ ২৯ জন লোক আছিল।

বিমানখন প’ৰ্ট ব্লেয়াৰৰ ভাৰতীয় নৌসেনাৰ বিমান ষ্টেচন ‘INS Utkrosh’ত অৱতৰণ কৰাৰ কথা আছিল।

উৰণৰ কিছু সময়ৰ পিছতে বিমানখনে সকলো যোগাযোগ হেৰুৱায় আৰু বংগোপসাগৰৰ ওপৰত থকাৰ সময়তে ৰাডাৰৰ পৰা নোহোৱা হৈ যায়।

ইয়াৰ পিছতে বিমানখনৰ সন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। কিন্তু কোনো সম্ভেদ লাভ নকৰাত অৱশেষত ভাৰতীয় বায়ুসেনাই ২০১৬ চনৰ ১৫ ছেপ্টেম্বৰত অনুসন্ধান অভিযান বন্ধ ৰাখে।

বায়ুসেনাই বিমানখনত থকা ২৯ জন লোকৰ পৰিয়ালক পত্ৰযোগে নিৰুদ্দিষ্ট বিমানখনৰ স্থান নিৰ্ণয় কৰাত ব্যৰ্থ হৈছে বুলি উল্লেখ কৰিছিল।

লগতে বায়ুসেনাই বিমানত থকা লোকসকলক মৃত বুলি ধৰাৰ বাহিৰে আন কোনো বিকল্প নাই বুলি ঘোষণা কৰিছিল।