• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোটেই পৰিয়ালটোৱে শেষ! ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ পত্নীৰো মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2026 9:20 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ সমগ্ৰ পৰিয়ালটোৱে শেষ হৈ গ’ল। সোমবাৰে আলী খামেনেইৰ পত্নী মনছুৰেহ খোজাষ্টে বাঘেৰজাদেয়ে শেষ নিশ্বাস ত্যাগ কৰে।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম ‘প্ৰেছ টিভি’ৰ বাতৰি অনুসৰি যোৱা শনিবাৰে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত মনছুৰেহ খোজাষ্টে বাঘৰজাদে গুৰুতৰভাৱে আহত হৈছিল। সোমবাৰে তেওঁৰ মৃত্যু হয়।

Apply Now

শনিবাৰে ইৰাণৰ তেহৰাণত থকা তেওঁৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত ইজৰাইলৰ আক্ৰমণত নিহত হয় সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই। এই আক্ৰমণত তেওঁৰ কন্যা, জোঁৱাই, নাতিনী, বোৱাৰী নিহত হয়।

খামেনেই আৰু মনছুৰৰ ছটা সন্তান। চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা। মুস্তাফা, মোজতাবা, মাছৌদ, মেছাম, বুছৰা আৰু হোদা। ডাঙৰ পুত্ৰ মুস্তাফাও এজন ধৰ্মগুৰু। মোজতাবাও চিনাকি মুখ। ইৰাণ-ইৰাক যুদ্ধৰ সময়ত তেওঁ সশস্ত্ৰ বাহিনীত যোগদান কৰিছিল। এই আক্ৰমণত কোনগৰাকী কন্যাৰ মৃত্যু হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

দেওবাৰে পুৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে খামেনেইৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। তাৰ পিছত ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমেও এই তথ্য নিশ্চিত কৰে। ইজৰাইল আৰু আমেৰিকাৰ ‘লক্ষ্য’ আছিল খামেনেই। পৰিয়ালত কেৱল তেওঁৰ পত্নীয়েহে বাচি আছিল। তেওঁৱো সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

যোৱা শনিবাৰে পুৱা ইৰাণক আক্ৰমণ কৰিছিল ইজৰাইলে। আমেৰিকাইও তাত যোগদান কৰে। শনিবাৰে পুৱা ইজৰাইলে প্ৰথমবাৰৰ বাবে তেহৰাণত আক্ৰমণ কৰে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হয় বিস্ফোৰণ।

পিছত ইৰাণৰ সংবাদ মাধ্যমে ইজৰাইলে সমগ্ৰ দেশখনক আক্ৰমণ কৰা বুলি প্ৰকাশ কৰে। প্ৰথমে দেশৰ প্ৰতিৰক্ষা বাহিনীয়ে এই আক্ৰমণ নিশ্চিত কৰে। পিছত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও সামৰিক অভিযানৰ কথা ঘোষণা কৰে।

শনিবাৰে নিশা ইৰাণে কাটাৰৰ দোহাৰ ডুবাইৰ আবুধাবি আৰু চৌদি আৰৱৰ ৰিয়াদত ইটোৰ পিছত সিটোকৈ আক্ৰমণ চলাইছে। শনিবাৰে সন্ধিয়া ডুবাইৰ বুৰ্জ খলিফাৰ কাষত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। যাৰ বাবে কেইমিনিটমানৰ ভিতৰতে বুৰ্জ খলিফা খালী কৰা হয়। ক্ষেপণাস্ত্ৰৰ এটা অংশও পাম জুমেইৰাত খুন্দা মাৰি বিস্ফোৰণ ঘটে। অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

ইজৰাইলে শনিবাৰে নিশা ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ইজৰাইল আৰু আমেৰিকাই কিয় খৰখেদাকৈ পুৱা ৭ বজাত ইৰাণক আক্ৰমণ কৰিলে? অৱশেষত প্ৰকাশ পালে প্ৰকৃত কাৰণ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ গোপন তথ্য ইজৰাইলৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ হাতত পৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শনিবাৰে পুৱা ৯:২৭ বজাত ৰাজধানী তেহৰাণত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হয়। সেই সময়ত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই তেওঁৰ কাৰ্যালয়ত কৰ্মৰত আছিল। তেওঁৱেই গোপনে এখন বৈঠক মাতিছিল। এই বৈঠকৰ বিষয়ে তথ্য তেওঁৰ ঘনিষ্ঠ সহযোগীসকলেহে জানিছিল।

জানিব পৰা মতে, পুৱা ৯ বজাত আলী খামেনেই তেহৰাণত এই বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল। সেই তথ্য ইজৰাইলৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা মোছাদক ফাদিল কৰিছিল খামেনেইৰ এজন ঘনিষ্ঠ সহযোগীয়ে। নিশা হ’বলগীয়া আক্ৰমণটোৱে খামেনেইৰ গোপন ঘাটিটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে লগে লগে তেহৰাণক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd