দেশত ক’ৰ’নাতংক ক্ৰমাৎ শাম কাটিছে যদিও মৃত্যুৰ সংখ্য যেন কমা নাই। সৌসিদিনা উত্তৰ প্ৰদেশত গংগা নৈৰে ক’ৰ’না ৰোগীৰ মৃতদেহ উটি অহাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
এতিয়া পুনৰ গংগাৰে মৃতদেহ উটি অহাৰ ঘটনাই বহুতকে হতচকিত কৰি তুলিছে। ঘটনাৰ স্থান এইবাৰ অৱশ্যে উত্তৰ প্ৰদেশ নহয়। এইবাৰ পশ্চিমবংগৰ মালদাত গংগাৰে উটি আহিছে মৃতদেহ।
মালদহৰ ভূতনি চৰত যোৱা দুদিনত কেইবাটাও মৃতদেহ গংগাৰে উটি আহিছে।মৃতদেহ কেইটা উত্তৰ প্ৰদেশ অথবা বিহাৰৰ পৰা উটি অহা বুলি ধাৰণা কৰা হৈছে। মৃতদেহ কেইটা সম্পূৰ্ণ পচি যোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।
কেইজনমান মাছমৰীয়াই মৃতদেহ কেইটা প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে।মানিক চক ঘাটতো গংগাৰে উটি অহা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
মৃতদেহ উটি অহাৰ ফলত পবিত্ৰ গংগা নৈ আজি অধিক হৈ পৰিছে অপবিত্ৰ।
ইয়াৰ বাবে কিছুদিন পূৰ্বে মোদীকেই জগৰীয়া কৰিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
গংগা নৈৰে শ শ মৃতদেহ উটি অহাৰ প্ৰসংগত মন্তব্য কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে বিজেপিয়ে ক্ষমতাত থকাৰ বাবেই উত্তৰপ্ৰদেশৰ পৰা শ শ মৃতদেহ গংগাৰে উটুৱাই দিব পাৰিছে।
এই ক্ষেত্ৰত সাধাৰণ সুস্থ মানুহৰ লগতে পৰিবেশ প্ৰদূষণৰ বিষয়টোৰ প্ৰতি উত্তৰ প্ৰদেএশৰ বিজেপি শাসিত চৰকাৰ খনে সম্পূৰ্ণ পিঠি দিয়া বুলিও মমতাই মন্তব্য কৰিছিল।
তেওঁ লগতে কৈছিল যে গংগাৰে মৃতদেহ উটুৱাই দিয়াৰ বিষয়টো মোদীৰ চৰকাৰে এবাৰৰ বাবে হ’লেও তদন্ত কৰোৱাৰ কথা কোৱা নাই।
নিৰ্বাচনৰ পিছত পশ্চিমবংগত হোৱা হিংসাৰ তদন্ত কৰিবলৈ কেন্দ্ৰই বংগলৈ দল পঠিয়ালে যদিও উত্তৰপ্ৰদেশত গংগা নৈৰে মৃতদেহ উটুৱাই দিয়া ঘটনাৰ তদন্ত কৰিবলৈ কেন্দ্ৰই কিয় দল পঠিওৱা নাই বুলি মমতাই প্ৰশ্ন কৰিছিল।