NORTHEAST NOW (Assamese)

তৃণমূলত গভীৰ সংকট, মালা ৰয় আৰু ছায়োনী ঘোষৰ বিদ্ৰোহত কঁপিছে মমতাৰ দুৰ্গ

June 10, 2026 7:46 pm · এন ই নাও নিউজ, গুৱাহাটী

মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ ভিতৰচৰাত এতিয়া এক গভীৰ ৰাজনৈতিক সংকট ঘনীভূত হৈছে। যোৱা কেইদিনমানৰ পৰা দলৰ সাংসদসকলৰ মাজত হোৱা বিদ্ৰোহে চৰম পৰ্যায় লৈছে। মাত্ৰ কেইদিনমান পূৰ্বে দলৰ এটা বৃহৎ সাংসদৰ দলে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ বাসগৃহত উপস্থিত হৈ এক গোপন বৈঠকত মিলিত হৈছিল। শতবদী ৰায় আৰু কাকলি ঘোষ দস্তিদাৰৰ নেতৃত্বত আৰম্ভ হোৱা এই বিদ্ৰোহী গোটৰ সংখ্যা বৰ্তমান ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে।

এই বিদ্ৰোহী শিবিৰে দাবী কৰা অনুসৰি তেওঁলোকৰ সৈতে বিশজনতকৈও অধিক সাংসদ আছে। সূত্ৰ অনুসৰি সেই বৈঠকত তৃণমূলৰ ষোল্লজন সাংসদে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছিল আৰু আন দুজন সাংসদে ভাৰ্চুৱেল মাধ্যমেৰে যোগদান কৰিছিল। বিদ্ৰোহীসকলে প্ৰস্তুত কৰা পত্ৰখনত তেওঁলোকে স্বাক্ষৰো কৰিছে। ইয়াৰ ফলত দলৰ ভিতৰত এক বিভাজনৰ অৱস্থা সৃষ্টি হৈছে আৰু বিদ্ৰোহীসকলে পক্ষপাতিত্ব বিৰোধী আইনৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় সংখ্যা থকাৰো দাবী কৰিছে।

বিদ্ৰোহী গোটত নতুনকৈ সংযোজন হোৱা নামবোৰে মমতা বেনাৰ্জীক এক ডাঙৰ প্ৰত্যাহ্বানৰ মুখত পেলাইছে। মমতাৰ আটাইতকৈ বিশ্বাসী তথা দক্ষিণ কলকাতাৰ সাংসদ মালা ৰয় আৰু অভিষেক বেনাৰ্জীৰ ঘনিষ্ঠ তথা যুৱ শাখাৰ সভানেত্ৰী ছায়োনী ঘোষেও এই বিদ্ৰোহী শিবিৰত যোগদান কৰা বুলি চৰ্চা চলিছে। ৰিজু দত্তই ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই দাবী কৰাৰ পিছত ৰাজনৈতিক মহলত তোলপাৰ লাগিছে। তদুপৰি আছানছলৰ সাংসদ শত্ৰুঘন সিনহাও এই গোটত চামিল হ’বলৈ সাজু হৈছে। বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে ঊনৈশজন সাংসদে স্বাক্ষৰ কৰিছে যদিও এই সংখ্যা ২২ বা ২৩ জন হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, এই পৰিস্থিতিত মমতা বেনাৰ্জীৰ সৈতে বৰ্তমান তেওঁৰ পৰিয়ালৰ সদস্য তথা ঘনিষ্ঠ নেতা অভিষেক বেনাৰ্জী, কল্যাণ বেনাৰ্জী, সুদীপ বেনাৰ্জী, সৌগত ৰায় আৰু মহুৱা মইত্ৰৰ দৰে মুষ্টিমেয় নেতাহে বাকী আছে। বিৰোধী গোটৰ এই শক্তিশালী অৱস্থানৰ বাবে পক্ষপাতিত্ব বিৰোধী আইনৰ প্ৰভাৱ পৰিব নে নাই সেয়া এতিয়া লক্ষণীয় হ’ব। খবৰ অনুসৰি, অধ্যক্ষই খুব সোনকালেই তৃণমূলৰ এই বিদ্ৰোহী গোটটোক স্বতন্ত্ৰ গোট হিচাপে স্বীকৃতি দিব পাৰে, যিটো সিদ্ধান্ত মমতা বেনাৰ্জীৰ বাবে এক ডাঙৰ ৰাজনৈতিক পৰাজয় হিচাপে বিবেচিত হ’ব পাৰে।

Related News