• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীপিকা পাডুকনৰ স্বীকোৰোক্তি—‘হয়, ড্ৰাগছ চক্ৰৰে কথা পাতিছিলো, কিন্তু ড্ৰাগছ খোৱা নাছিলো’

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2020 3:08 pm
index
695
VIEWS
Share on FacebookShare on Twitter

কেঁচু খান্দোতে এতিয়া সাপ ওলাবলৈ ধৰিছে।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ আঁত ধৰি চলাই যোৱা তদন্তত এতিয়া বলীউডৰ বহু কেইগৰাকী শিল্পীয়ে নিষিদ্ধ ড্ৰাগছ গ্ৰহণ কৰাৰ কথা পোহৰলৈ আহিছে।

এন চি বিয়ে আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনক জেৰা চলোৱাৰ সময়ত দীপিকাই স্বীকাৰ কৰে যে ড্ৰাগছ চক্ৰৰ সৈতে তেওঁ হোৱাটছ এপত কথা পতাটো সঁচা।

কিন্তু তেওঁ নিজে কেতিয়াও ড্ৰাগছ গ্ৰহণ কৰা নাই। ড্ৰাগছ গ্ৰহণ নকৰা দীপিকাই কিয় ড্ৰাগছ চক্ৰৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল সেই ৰহস্য ফাদিল কৰাৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে এন চি বি।

ড্ৰাগছ চক্ৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলা হোৱাটছ এপৰ এডমিন হিচাবে ‘ড়ি’ বুলি যিটো নাম ব্যৱহাৰ কৰা হৈছিল সেয়াও দীপিকা পাডুকনৰে নাম বুলি দীপিকাই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য এন চি বিৰ সূত্ৰই প্ৰকাশ কৰিছিল যে  যিটো হোৱাটছএপ চ্যাটৰ আঁত ধৰি শনিবাৰে অভিনেত্ৰীগৰাকীক মাতি পঠোৱা হৈছে, দীপিকা সেই গ্ৰুপটোৰ নিজেই এডমিন আছিল।

গ্ৰুপটোৰ আন এগৰাকী এডমিন আছিল জয়া সাহা। শুকুৰবাৰে এনচিবিৰ জেৰাত তেওঁ নিজেই এইকথা স্বীকাৰ কৰে।

ইতিমধ্যেই এন চিবিয়ে জেৰাৰ বাবে ছাৰা আলী খান, ৰাকুল প্ৰীত সিং, আৰু ছিমন খামবাট্টাক মাতিছে। এই সন্দৰ্ভত শ্ৰদ্ধা কাপুৰৰো নাম জড়িত হৈ পৰিছে।

ইডিয়ে গোচৰটোৰ সৈতে ড্ৰাগছ চক্ৰৰ সম্পৰ্ক বিচাৰি পোৱাৰ পাছত এই বিষয়ত তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় সংস্থা নাৰক’টিকছ কন্ট্ৰ’ল ব্যুৰোৱে।

সংস্থাটোৱে ইতিমধ্যে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃক গ্ৰেপ্তাৰ কৰাৰ পাছত বৰ্তমান তেওঁলোক কাৰাগাৰত আছে।

ৰিয়া আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক জেৰা কৰাৰ পাছতেই তেওঁলোকে চক্ৰটোৰ সৈতে বলীউদৰ বহু তাৰকাৰ সম্পৰ্ক থকাৰ তথ্য লাভ কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd