কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অতি গুৰুত্বপুৰ্ণ এনিমেল কৰিডৰ পানবাৰীত আজি গাড়ীৰ খুন্দাত এটা পহুৰ মৃত্যু হয়৷
উত্তৰ দিশে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পানবাৰী সংৰক্ষিত বনাঞ্চললৈ অহা এই পহুটোক ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰোতেই গাড়ীয়ে খুন্দিয়াই৷
গাড়ীৰ খুন্দাত ঘটনাস্থলীতে পহুটোৰ মৃত্যু হয়৷
পিচত মৃত পহুটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে সমীপতে থকা কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যোৱা হয়৷
বাৰিষাৰ আৰম্ভণিতেই আজি কাজিৰঙাৰ এনিমেল কৰিডৰৰ ৰাষ্ট্ৰীয় পথাংশত সংঘৰ্টিত এই ঘটনাত চলিত বৰ্ষৰ প্ৰথমটো পহুৰ মৃত্যু হয়।