• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ জনসাধাৰণে যি বিচাৰিছে সেয়াই হ’ব; পেহেলগামৰ কঠোৰ প্ৰত্যুত্তৰৰ ইংগিত প্ৰতিৰক্ষা মন্ত্ৰীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 5, 2025 8:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৰ্মান্তিক মৃত্যুত সমগ্ৰ দেশ কঁপি উঠিছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সকলোতে একেই দাবী যোগ্য প্ৰত্যুত্তৰ দিয়াৰ। এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিয়াৰ ইংগিত দিছে।

দেওবাৰে তেওঁ কয়, “এজন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে সৈনিকৰ লগতে দেশৰ সীমান্তৰ নিৰাপত্তা নিশ্চিত কৰাটো মোৰ দায়িত্ব। যিসকলে আমাৰ দেশত আক্ৰমণ কৰিবলৈ সাহস কৰে তেওঁলোকক উপযুক্ত উত্তৰ দিয়াটো মোৰ দায়িত্ব। দেশৰ জনসাধাৰণে বিচৰা ধৰণে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব।”

Apply Now

দেওবাৰে নতুন দিল্লীত এক অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই বাৰ্তা দিয়াৰ কিছু সময়ৰ পাছতেই দেখা গ’ল পঞ্জাৱৰ ফিৰোজপুৰৰ কেণ্টনমেণ্ট এলেকাত যুদ্ধৰ প্ৰস্তুতি! স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নিশা ৯ বজাৰ পৰা নিশা ৯:৩০ বজালৈ ৩০ মিনিটৰ বাবে অঞ্চলটোৰ লাইট বন্ধ কৰি ‘ব্লেকআউট’ অনুশীলন! সাধাৰণতে এই অনুশীলন যুদ্ধৰ সময়ত বা যুদ্ধৰ প্ৰস্তুতিৰ সময়ত দেখা যায়।

বহু পৰ্যবেক্ষকৰ মতে ৰাজনাথৰ ‘সতৰ্কবাণী’ আৰু সেনাবাহিনীৰ ‘কাৰ্য্যকলাপ’ৰ পিছত অতি সোনকালে পাকিস্তানক উপযুক্ত উত্তৰ দিব পাৰে ভাৰতে। দৰাচলতে ইতিমধ্যে তিনিওটা বাহিনীয়ে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে উগ্ৰপন্থীক বিচাৰি ‘উচিত শিক্ষা’দিয়াৰ বাবে নিশ্চিদ্ৰ তালাচী চলাই আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত এয়াৰ চিফ মাৰ্শ্বালৰ সৈতে সাক্ষাৎ কৰে। ৯০ মিনিটৰ এই বৈঠকত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংও উপস্থিত থাকে। তাৰ পাছত দিল্লীৰ এক অনুষ্ঠানত পেহেলগাম কাণ্ডৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্পষ্টকৈ কয় যে এই দেশৰ প্ৰতি চকু তুলি চালে ৰেহাই দিয়া নহ’ব।

চৰকাৰী সূত্ৰৰ মতে, দেওবাৰে বিয়লি এখন বৈঠকত প্ৰধানমন্ত্ৰীয়ে সেনাবাহিনীক ‘সম্পূৰ্ণ অভিযানৰ স্বাধীনতা’ প্ৰদানৰ সিদ্ধান্ত লয়। অৰ্থাৎ পেহেলগাম আক্ৰমণৰ প্ৰতি কেতিয়া আৰু কেনেকৈ সঁহাৰি জনাব সেনাই তাৰ সঠিক সময়, পদ্ধতি আৰু লক্ষ্য নিৰ্ধাৰণ কৰিব।

উল্লেখ্য যে ২২ এপ্ৰিলত দিনৰ প্ৰায় ২:৩০ বজাত বন্দুকৰ গুলীৰ শব্দই কঁপাই তুলিছিল কাশ্মীৰৰ পেহেলগাম। বৈছাৰণ উপত্যকাত ভ্ৰমণৰত পনি আৰোহীকে ধৰি ২৬ জন লোকক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে। যদিও এই ঘটনাত পাকিস্তানৰ জড়িত থকাতো স্পষ্ট, তথাপিও পাকিস্তানে আৰম্ভণিৰে পৰাই এই অভিযোগ অস্বীকাৰ কৰিছে।

এই ঘটনাৰ প্ৰতিবাদত ভাৰতে পাকিস্তানী ভিছা বাতিল কৰাৰ লগতে সিন্ধু জল সন্ধি স্থগিত ৰখাকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানেও ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অৱনতি ঘটাইছে। এনে পৰিবেশত প্ৰত্যাক্ৰমণৰ দাবী ক্ৰমান্বয়ে প্ৰবল হৈ পৰিছে। এইবাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও দেশবাসীৰ ইচ্ছা শীঘ্ৰে পূৰণ হ’ব বুলি ঘোষণা কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd