• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইমৰাণ খানে বিচাৰিলে পাকিস্তানত সেনা পঠিয়াই সহায় কৰিব ভাৰতে: ৰাজনাথ সিং

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , October 14, 2019 9:52 am

2 min read

EGv-z1FUEAAvhu2

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ফাইল ফটো: টুইটাৰ

23.9k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানত সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত লোৱা দেশখনৰ ভূমিকা সন্দৰ্ভত ভাৰতে ইতিমধ্যে আন্তৰ্জাতিক মঞ্চত অভিযোগ কৰি আহিছে। কিন্তু ইয়াৰ সুফল একো দেখা যোৱা নাই।

পাকিস্তানে বিষয়টোক কেতিয়াও গুৰুত্বসহকাৰে লোৱা নাই। পাকিস্তানৰ ভূমিত এতিয়াও সন্ত্ৰাসবাদীৰ দপদপনি অব্যাহত আছে।

বিশ্বত শান্তিৰ বাৰ্তা বিলাই ফুৰা পাকিস্তানৰ প্ৰধান মন্ত্ৰীক এইবাৰ কটাক্ষ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বিদ্ৰুপভৰা বক্তৱ্যৰে সিঙে কৈছে যে পাকিস্তানে বিচাৰিলে ভাৰতে পাকিস্তানত সেনা পঠাব পাৰে।

হাৰিয়ানাত বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা ৰাজনাথ সিঙে দেওবাৰে এখন নিৰ্বাচনী সভাত ভাষণ দি কয়,’’মই পাকিস্তানক এটা পৰামৰ্শ দিব বিচাৰো। আপোনালোকে যদি প্ৰকৃততে সন্ত্ৰাসবাদ দমনৰ বাবে ইচ্ছুক, তেতিয়াহ’লে আমি আপোনালোকক সহায় কৰিবলৈ সাজু আছো।‘’

তেওঁ কয়,’’আপোনালোকে যদি আমাৰ সেনা সাহায্য বিচাৰে তেতিয়াহ’লে সাহায্যৰ বাবে সেনাও পঠাব পাৰো।‘’

অৱশ্যে, সাহায্যৰ আশ্বাস দিয়াৰ সমান্তৰালভাৱে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে সাৱধান বাণীও শুনায়। তেওঁ স্পষ্ট কৰি দিয়ে যে পাকিস্তানে যদি সন্ত্ৰাসবাদক সহায় কৰা বন্ধ নকৰে, তেনেহ’লে ভাৰত আৰু অধিক বিপদজনক হৈ উঠিব পাৰে।

তদুপৰি, ইমৰাণ খানক উদ্দেশ্যি ৰাজনাথ সিঙে কয়,’’আপোনালোকে দ্বিজাতি তত্ত্বৰ ভিত্তিত ১৯৪৭ চনত দেশ ভাগ কৰিছিল। ১৯৭১ চনত আপোনালোকৰ দেশ দুভাগত বিভক্ত হৈ গৈছে। ভৱিষ্যতে যদি এনে কোনো পদক্ষেপ গ্ৰহণ কৰে, তেনেহ’লে আপোনালোকৰ দেশ আৰু ভাঙিব।‘’

সিঙে লগতে কয়,’’ৰাষ্ট্ৰসংঘত ইমৰাণ খানে কৈছে যে কাশ্মীৰীসকলে স্বাধীনতা নোপোৱা পৰ্যন্ত আমি যুঁজ দিম। আন্তৰ্জাতিক মঞ্চত অভিযোগ কৰিম। মই ,স্পষ্ট কৰি দিব বিচাৰো, ভাৰতে কাৰো ওচৰত মূৰ নোদোৱায়। ভাৰতক কোনোও হেচা দিব নোৱাৰে।‘’

Recent News

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd