• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 3:32 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত হাইড্ৰ’কাৰ্বন অন্বেষণৰ বাবে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডক (অইল) প্ৰদান কৰা অনুমতিৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাজ্যৰ পৰিৱেশবিদসকলে। দ্য আছাম ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জীৱবৈচিত্ৰ্যৰে ভৰপূৰ এই স্পৰ্শকাতৰ বনাঞ্চলসমূহত সকলো ধৰণৰ খনন কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবী জনাই কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটী আৰু পৰিৱেশ কৰ্মী মৌচম হাজৰিকাই সতৰ্ক কৰি দিছে যে এনে পদক্ষেপে অঞ্চলটোৰ প্ৰাকৃতিক ভাৰসাম্যলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিব।

১৯৮০ চনৰ বন (সংৰক্ষণ) আইনৰ অধীনত প্ৰদান কৰা এই অনুমোদনৰ জৰিয়তে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত প্ৰায় ৪.৯ হেক্টৰ বনাঞ্চল ব্যৱহাৰ কৰা হ’ব। প্ৰস্তাৱিত এই স্থানখন দিহিং পাটকাই হস্তী প্ৰকল্পৰ অন্তৰ্গত, যি বন্যহস্তীৰ এক অতি গুৰুত্বপূৰ্ণ আৱাসস্থলী আৰু বিচৰণ পথ হিচাপে পৰিচিত। ৰাজ্যৰ আটাইতকৈ পুৰণি বেচৰকাৰী সংস্থা কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে দিহিং পাটকাই হৈছে অসমৰ অন্তিমখন জীৱনদায়িনী বৰ্ষাৰণ্য, যি ইতিমধ্যে কয়লা খনন, তেল অন্বেষণ, বেদখল আৰু অবৈধ গছ কটাৰ দৰে কাৰ্যৰ বাবে ভাবুকিৰ সন্মুখীন হৈছে। সংস্থাটোৱে উল্লেখ কৰিছে যে ৰাজ্যৰ অৱশিষ্ট প্ৰাকৃতিক বনাঞ্চলসমূহ সুৰক্ষিত কৰাটো কেৱল এক পাৰিপাৰ্শ্বিক দায়িত্বই নহয়, বৰঞ্চ আগন্তুক প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবেও ই অপৰিহাৰ্য। এনে এক স্পৰ্শকাতৰ পৰিস্থিতিতন্ত্ৰত প্ৰদূষণকাৰী ঔদ্যোগিক কাৰ্যকলাপ চলাবলৈ দিলে ই বৰ্ষাৰণ্যখনলৈ অপূৰণীয় আৰু সুদূৰপ্ৰসাৰী ক্ষতি কঢ়িয়াই আনিব বুলি সংস্থাটোৱে দাবী কৰিছে।

Apply Now

‘পূবৰ আমাজন’ হিচাপে পৰিচিত দিহিং পাটকাই বৰ্ষাৰণ্য অসমৰ অন্যতম প্ৰধান ক্ৰান্তীয় বৰ্ষাৰণ্য। ইয়াত আঠটাকৈ প্ৰজাতিৰ মেকুৰীজাতীয় বন্যপ্ৰাণীৰ লগতে বিভিন্ন তৃণভোজী, মাংসভোজী আৰু পক্ষী বাস কৰে, যাৰ বহু তথ্য এতিয়াও নথিবদ্ধ হোৱাই নাই। এনে পৰিস্থিতিত খনন কাৰ্যৰ অনুমতিপ্ৰদানে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰাৰ লগতে বন্যপ্ৰাণী আৰু স্থানীয় জনসাধাৰণ দুয়োপক্ষলৈ বিপদ মাতি আনিব।

প্ৰকল্পটো ৰূপায়ণৰ বাবে ০.৮ কেন’পী ঘনত্বৰ (ইক’-ক্ল্যাছ ১) অৰণ্যৰ প্ৰায় ১৩৫ জোপা গছ কাটিব লাগিব, যিয়ে এখন অতি ঘন আৰু অক্ষত বনাঞ্চলৰ অৱস্থিতিক প্ৰতিনিধিত্ব কৰে। হাজৰিকাই প্ৰকাশ কৰা তথ্য অনুসৰি, এই বনাঞ্চলত পাঁচশৰো অধিক হাতী, ৪৭ বিধ স্তন্যপায়ী প্ৰাণী, বাঘ, ক্লাউডেড নাহৰফুটুকী, বনৰৌ আৰু হিমালয়ৰ ক’লা ভালুকৰ দৰে বিৰল প্ৰজাতিৰ লগতে প্ৰায় ২৯৩ বিধ পক্ষী পোৱা যায়। তেওঁ লগতে সতৰ্ক কৰি দিয়ে যে খননৰ বাবে পথ নিৰ্মাণ, গাঁত খন্দা, আৱৰ্জনা নিষ্কাশন আৰু গভীৰ ব’ৰহ’লৰ জৰিয়তে তেল নিৰ্গত হোৱাৰ আশংকাই অঞ্চলটোৰ স্পৰ্শকাতৰ জীৱবৈচিত্ৰ্যক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিব। আনহাতে, আন এখন জিলাত ক্ষতিপূৰণমূলক বনাঞ্চল সৃষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে যদিও, হাজৰিকাই স্পষ্ট কৰি দিয়ে যে ইয়াৰ জৰিয়তে এখন প্ৰাচীন বৰ্ষাৰণ্যৰ অপূৰণীয় ক্ষতি কেতিয়াও পূৰণ কৰিব নোৱাৰি আৰু এনে চৰ্তসমূহ বাস্তৱত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সদায়েই সন্দেহ থাকে। বৰ্তমানলৈকে অইল ইণ্ডিয়া লিমিটেড বা চৰকাৰৰ তৰফৰ পৰা পৰিৱেশবিদসকলৰ এই তীব্ৰ বিৰোধিতাৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd