• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

মাধুৰ্য ফুকন by মাধুৰ্য ফুকন
March 29, 2026 6:39 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ বিদ্যালয় শিক্ষক নিযুক্তিৰ বাবে ‘টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেণ্ট টেষ্ট ২০২৪’(TET)ৰ ফলাফল এতিয়াও প্ৰকাশ নোহোৱাত হতাশাত ভুগিছে হাজাৰ হাজাৰ প্ৰাৰ্থী। ১৯ জানুৱাৰী ২০২৫ত অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষাৰ ফলাফল মে’ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত প্ৰকাশৰ প্ৰতিশ্ৰুতি দিছিল যদিও ১৮ মে’ ২০২৫ পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা নোহোৱাৰ বাবে প্ৰাৰ্থীসকলৰ ভৱিষ্যৎ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। চৰকাৰৰ এনে স্থিতিয়ে প্ৰাৰ্থীসকলক ক্ষোভিত কৰি তুলিছে।

উল্লেখ্য যে TET নিযুক্তি পৰীক্ষাত, গ্ৰেজুৱেট শিক্ষক (GT) পদৰ বাবে মুঠ ৩৫,৭৫৭ জন আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক (PGT) পদৰ বাবে মুঠ ২৭,৮২৪ জন প্ৰাৰ্থীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰে। GT পদৰ বাবে মুঠ ৩৯,২২৪ আবেদন পোৱা হৈছিল, যাৰ ভিতৰত ৩৫,৭৫৭ জন প্ৰাৰ্থীয়ে পৰীক্ষা দিয়ে। আনহাতে, PGT পদৰ বাবে ৩০,৩৫৮ আবেদনকাৰীৰ ভিতৰত ২৭,৮২৪ জনে পৰীক্ষাত বহিছিল।

Apply Now

নাম প্ৰকাশ কৰিবলৈ অনিছুক একাংশ প্ৰাৰ্থীয়ে নৰ্থইষ্ট নাওক জনোৱা মতে ২০২৪ চনত অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে (DSE) ৮,২৩০ গ্ৰেজুৱেট শিক্ষক (জিটি) আৰু ১,৪৮৭ পোষ্ট গ্ৰেজুৱেট শিক্ষক (পিজিটি) পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়াৰ বাবে অনুষ্ঠিত টেটৰ যি চিলেবাচ প্ৰাৰম্ভিকতে প্ৰদান কৰা হৈছিল তাত শিক্ষাবিজ্ঞান (Pedagogy) বিষয়ত ৫০ নম্বৰ, অসম আৰু অসমবাসীৰ বিষয়ে (About Assam and its People)৫০ নম্বৰ, সাধাৰণ ইংৰাজী (General English)৩০ নম্বৰ আৰু সাধাৰণ জ্ঞান (General Studies and Current Affairs)১০ নম্বৰ কিন্তু পৰীক্ষাৰ প্ৰায় ১৬ দিনৰ আগত চিলেবাচত অসমবাসীৰ বিষয়ে (About Assam and its People)৫০ নম্বৰ সলনি ৩৫ নম্বৰ কৰে আৰু সাধাৰণ গণিত (১০ম শ্ৰেণীৰ স্তৰ) ১৫ নম্বৰ সংযোগ কৰে যাৰ বাবে প্ৰাৰ্থীসকলে পৰীক্ষাৰ সময়সূচী পিছুৱাবলৈ দাবী কৰাত ১৫ দিনৰ অতিৰিক্ত সময় প্ৰদান কৰিছিল। সেই মৰ্মে ১৯ জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত হৈ যায় আৰু মে’ৰ প্ৰথম সপ্তাহতে ফলাফল ঘোষণা কৰা হ’ব বুলি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও ফলাফল ঘোষণা কৰাৰ কোনো নিৰ্দেশনা প্ৰকাশ নোপোৱাত হতাশ হৈ পৰিছে প্ৰাৰ্থীসকল।  

ইয়াৰোপৰি হিন্দী বিষয়ৰ প্ৰাৰ্থীসকলৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰা প্ৰাৰ্থীসকলে চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰৱীণ বা ৰত্ন (হিন্দী) পৰীক্ষাত ৫০% নম্বৰসহ উত্তীৰ্ণ প্ৰাৰ্থীসকলক এই পদৰ বাবে আবেদন কৰিবলৈ সুবিধা প্ৰদান কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই আদালত গোচৰ তৰিছে। আনহাতে গণিত বিষয়ৰ পদৰ বাবে চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি কেৱল অংক বিষয়ৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰি থকা সকলেহে আবেদন কৰিব পাৰিব। কিন্তু গণিত ঐচ্ছিক বিষয় হিচাপে থকাসকলে চৰকাৰী নিৰ্দেশনাক প্ৰত্যাহ্বান জনাইও আদালতত গোচৰ তৰিছে। আদালতে এই গোচৰৰ মে’ৰ ৫ তাৰিখে শুনানি গ্ৰহণ কৰে। শিক্ষা বিভাগৰ স্থায়ী আইন পৰামৰ্শদাতাই ৰিট আবেদনকাৰীৰ প্ৰতি উত্তৰ দাখিল কৰিবলৈ দুসপ্তাহৰ সময় প্ৰদান কৰিছে।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম মাধ্যমিক শিক্ষা (প্ৰাদেশীকৃত বিদ্যালয়) সেৱা (সংশোধনী) বিধি, ২০২৩, আৰু ২০২৩ চনৰ দ্বিতীয় সংশোধনী বিধিৰ বৈধতা প্ৰদান কৰি এক ৰায় দানত কয় যে অতিৰিক্ত অৰ্হতা যেনে টেট আৰু শিক্ষকৰ বাবে নিৰ্দিষ্ট বিষয়ৰ সংহতিৰ প্ৰয়োজনীয়তা প্ৰৱৰ্তন কৰা অসম চৰকাৰৰ অধিকাৰৰ ক্ষেত্ৰত পৰে। আদালতে স্পষ্ট কৰি দিছিল যে এই নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন (এনচিটিই) ৰেগুলেচনছ, ২০১৪ৰ দ্বাৰা নিৰ্ধাৰিত নূন্যতম মানদণ্ড বজাই ৰাখিছে। একে প্ৰসংগতে এছ. সত্যপাল ৰেড্ডী বনাম উত্তৰ প্ৰদেশ চৰকাৰ গোচৰতো আদালতে ৰাজ্যৰ উচ্চতৰ অৰ্হতা নিৰ্ধাৰণৰ ক্ষমতাৰ কথা উল্লেখ কৰে। ড°. প্ৰীতি শ্ৰীবাস্তৱ বনাম মধ্যপ্ৰদেশ ৰাজ্য গোচৰাতো অতিৰিক্ত অৰ্হতাৰ সমৰ্থন কৰে।

শেহতীয়া তথ্য অনুসৰি টেট প্ৰাৰ্থীসকলৰ আৰটিআই আবেদনৰ উত্তৰত সংশ্লিষ্ট বিভাগে স্নাতক শিক্ষক(জিটি) আৰু স্নাতকোত্তৰ শিক্ষক(পিজিটি) টেট সহ নিযুক্তি পৰীক্ষা, ২০২৫ৰ ফলাফল ঘোষণাৰ বাবে এতিয়াও কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই বুলি সদৰী কৰিছে।

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd