NORTHEAST NOW (Assamese)

ডি এল এডৰ প্ৰশ্নকাকত ফাদিল, বাতিল পৰীক্ষা

March 30, 2019 9:05 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: March 30, 2019 9:06 pm
প্ৰতিনিধিত্বমূলক ছবি।

ডি এল এড চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বাবে সমগ্ৰ অসমৰ বিভিন্ন কেন্দ্ৰৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাতো পৰীক্ষাটো শনিবাৰে বাতিল কৰা হয়।

নামনি অসমৰ কোনো পৰীক্ষা কেন্দ্ৰৰ পৰা ৱাটচএপ যোগেদি প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই যোগ বিষয়ৰ পৰীক্ষা বাতিল কৰা হয়। কিন্তু বিষয়টোৰ প্ৰশ্নকাকত পুৱা ৯.১৫ বজাতেই ফাদিল হোৱাত বিভাগীয় কৰ্তৃপক্ষই পৰীক্ষা বাতিল কৰে।

জিলাখনৰ জয়সাগৰত থকা নিম্ন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ, দিচাংমুখৰ বাবা চাহেব আম্বেদকাৰ জুনিয়ৰ কলেজ, চামগুৰিৰ নীলাক্ষি সোঁৱৰণী কেন্দ্ৰ আৰু সোণাৰিৰ জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান সহ মুঠ পাঁচটা কেন্দ্ৰৰ পৰীক্ষা বাতিল কৰা হয়।

উল্লেখ্য যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে এই প্ৰশিক্ষণ বাধ্যতামূলক কৰা হৈছে।

Related News