দিল্লী বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী ইমৰান খান আৰু নাথুৰাম; দৃষ্টি কাঢ়িলে সকলোৰে

delhi_exit_poll_660_080220032202

নাম দুটা শুনিলেই দুজন ব্যক্তিৰ ছবি মানুহৰ মনলৈ আহে। দিল্লী বিধানসভাৰ নিৰ্বাচনতো এইবাৰ এনে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে যাৰ নামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

দিল্লীৰ এই প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাকলৈ দৰাচলতে কৌতুহল নহয়, দলৰ বাবে চিন্তাৰ কাৰণহে হোৱা দেখা গ’ল। কিন্তু কিয়?

দেখাত কাকতালীয় সংযোগ হ’লেও দিল্লী বিধানসভা নিৰ্বাচনত এইবাৰ প্ৰাৰ্থী হৈছে ইমৰান খান।

পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান নহয়, দিল্লীৰে বাসিন্দা দুজন যুৱক। ৰাজধানীৰ দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছে দুই ইমৰান খান।

ইমৰান খানক প্ৰাৰ্থিত্ব দিছে টিপু চুলতান পাৰ্টি নামৰ সৰু দল এটিয়ে। ইয়াৰে এজনক কাৰোল নগৰৰ পৰা আৰু আনজনক মুস্তাফাদৰ পৰা।

কেবল সেয়াই নহয়, ৱাজিপুৰৰ সমষ্টিৰ পৰা চিপিএমৰ প্ৰাৰ্থী গৰাকী হৈছে নাথুৰাম। গান্ধীৰ হত্যাকাৰী নহয় এই নাথুৰাম। তেওঁ হৈছে দিল্লীৰ এগৰাকী চিপিএমৰ নেতাহে।

নাম বিভ্ৰাটৰ এই পৰ্বক বাদ দিও আৰু মজাৰ ঘটনা ঘটিছে দিল্লী বিধানসভাৰ নিৰ্বাচনত। এইটোৱে আম আদমি পাৰ্টিকে সংকটত পেলাইছে।

দিল্লীত এইবাৰ এটা নতুন ৰাজনৈতিক দল গঠন হৈছে ‘আপকি আপনি পাৰ্টি’ চমুকৈ ‘আপ’।

আপকি আপনি পাৰ্টিয়ে নিৰ্বাচনত বহুকেইজন প্ৰাৰ্থীক টিকট দিছে। এই একেই নামৰ পাৰ্টিৰ ফলত কিছু সমস্যাৰ সন্মুখীন হয় কেজৰিৱালৰ দল।

আনহাতে, দিল্লীৰ সদৰ বজাৰত আপৰ প্ৰাৰ্থী সোম দত্তৰ একে নামৰ আৰু দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ঝাড়ুৰ বিপৰীতে তেওঁলোক দুজনে ক্ৰমে ব্ৰাছ আৰু আইচক্ৰীমৰ প্ৰতীকত অৱতীৰ্ণ হৈছে।

দিল্লীত মুঠ ৭০খন আসনৰ বাবে মুঠতে ৬৭০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।