দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।
৫ ফেব্ৰুৱাৰী, বুধবাৰে দিল্লী বিধানসভাৰ ৭০খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগণনা হ’ব – ৮ ফেব্ৰুৱাৰী, শনিবাৰে।
আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰে মঙলবাৰে বিয়লি এক সংবাদমেলযোগে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে।
আজিৰ দিনটোতে দিল্লীত মুক্তি পালে শাসকীয় আম আদমী পাৰ্টিৰ নিৰ্বাচনী গীত। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত ‘ফিৰ লেঙে কেজৰিৱাল’ শীৰ্ষক নিৰ্বাচনী গীত মুকলি কৰা হয়।
উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে যৌথভাৱে দিল্লীৰ ৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও আটাইকেইখন আসনত বিজেপিৰ হাতত পৰাস্ত হৈছিল।