• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিণ্ডিকেটৰ চৰ্দাৰ বিজেপি নেতাৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ বিজেপি নেতা-কৰ্মীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 8, 2025 2:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উমৰাংছুৰ অবৈধ কয়লা খনিত শ্ৰমিক আৱদ্ধ হৈ পৰাৰ সময়তে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ বিৰোধী প্ৰতিবাদে চৰম পৰ্যায় পাইছেগৈ। দেৱলাল গাৰ্লোচাক ক্ষমতাৰ পৰা অপসাহৰণৰ দাবীৰে খোদ হাজাৰ বিজেপিৰ নেতা-কৰ্মীৰ প্ৰতিবাদে উত্তাল কৰি তুলিছে ডিমা হাছাও। মংগলবাৰে পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ অপসাৰণৰ দাবীত হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মীয়ে ৰাজপথ উত্তাল কৰি তোলে। স্বায়ত্তশাসিত পৰিষদখনৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ একনায়কত্ববাদ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনেৰে আজি হাফলঙৰ আকাশ-বতাহ মুখৰ কৰি তোলে বিজেপি নেতা-কৰ্মীসকলে। দেৱলাল গাৰ্লোছাক অপসাৰণ নকৰালৈ এই আন্দোলন অব্যাহত থাকিব বুলিও প্রতিবাদকাৰীসকলে হুংকাৰ দিয়ে।

হাতে হাতে বিজেপিৰ পতাকা লৈ প্রতিবাদকাৰীসকলে ‘দেৱলাল গাৰ্লোছা মূৰ্দাবাদ’, ‘দেৱলাল হটাও বিজেপি বচাও’, ‘দেৱলাল হটাও ডিমা হাচাও বচাও’, ‘দেৱলালৰ দুৰ্নীতি একনায়কত্ববাদ নচলিব’, ‘দেৱলাল গাৰ্লোছা গ’ বেক’ আদি শ্ল’গানেৰে উত্তাল কৰিলে হাফলঙৰ আকাশ।

Apply Now

উল্লেখ্য যে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ অপসাৰণৰ দাবীত বিগত কিছুদিনৰ পৰাই হাফলঙত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে জিলাখনৰ খোদ বিজেপিৰ নেতা কৰ্মীসকলে। তেওঁলোকৰ দাবী যে দেৱলাল গাৰ্লোছাই বিজেপিক শেষ কৰি ইয়াত দেৱলাল পাৰ্টি খুলিছে। যোৱা ৭ বছৰ ধৰি দেৱলালে স্বায়ত্তশাসিত পৰিষদখনক পৈতৃক সম্পত্তিৰূপে ব্যৱহাৰ কৰি একনায়কত্ববাদ চলাই আহিছে। তেওঁ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ছিণ্ডিকেটৰ পোহাৰ মেলিছে।

আনহাতে পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সমৰজিৎ হাফলংবাৰে ‘দেৱলাল গাৰ্লোছাক অপসাৰণ দাবী কৰি কয় যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক বিষয়টোক গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ কয় যে দেৱলাল গাৰ্লোছাই সকলোতে ছিণ্ডিকেট চলাইছে। বালি, শিল, কয়লা, কাঠ আদি সকলোতে ছিণ্ডিকেটৰাজ চলিছে। কোনোধৰণৰ নীতি-নিয়ম নামানি দুৰ্নীতি, কেলেংকাৰীৰ চূড়ান্ত সীমা পাৰ কৰিছে। আমি বিজেপি নেতৃত্বক বাৰম্বাৰ জনোৱাৰ পিচতো দেৱলালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

উমৰাংছু অবৈধ কয়লা খনিৰ সৈতে দেৱলাল গাৰ্লোচাৰ পত্নী মণিকা গাৰ্লোচা জড়িত বুলিও দাবী কৰে সমৰজিৎ হাফলংবাৰে। সমৰজিৎ হাফলংবাৰৰ দাবী  – দেৱলালৰ পত্নী হ’ল এগৰাকী কয়লা ব্যৱসায়ী। কোনো নীতি-নিয়মনামানি তেওঁলোকে তাত কয়লা খনন কৰিছে। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাউলংঘা কৰা হেছে। ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে।  বিজেপিৰ মুখ্য কাৰ্যবাহী নেতাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে খোদ বিজেপিৰ হাজাৰ হাজাৰ নেতা-কৰ্মীয়ে উত্তাল প্ৰতিবাদ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিতে নজিৰবিহীন ঘটনাৰূপে বিবেচিত হৈছে। হাজাৰ হাজাৰ বিজেপিৰ নেতা-কৰ্মীৰ এই প্ৰতিবাদে বিজেপিৰ নেতাসকল যে আকণ্ঠ দুৰ্নীতিত ডুব গৈ আছে সেই কথাকে প্ৰতিপন্ন কৰিছে বুলিও চৰ্চা চলিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd