NORTHEAST NOW (Assamese)

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am ·

যন্তৰ-মন্তৰত শেহতীয়াকৈ ‘জেন-জি’ অৰ্থাৎ নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলে কৰা প্ৰতিবাদৰ পাছতে যুৱ ভোটাৰসকলৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ সিদ্ধান্ত লৈছে দিল্লী বিজেপিয়ে। দলটোৰ আভ্যন্তৰীণ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যুৱ সমাজৰ সমস্যাসমূহৰ প্ৰতি অধিক সক্ৰিয়ভাৱে সঁহাৰি জনোৱাৰ প্ৰয়োজনীয়তা আহি পৰাৰ পৰিপ্ৰেক্ষিততে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

দলীয় সূত্ৰৰ মতে, এই জনসংযোগ অভিযান তিনিটা স্তৰত পৰিচালনা কৰা হ’ব দিল্লী বিজেপিৰ ৰাজ্যিক সংগঠন, দলৰ বিধায়ক তথা মন্ত্ৰীসকল আৰু যুৱ তথা ছাত্ৰ সংগঠনসমূহ। এই ক্ষেত্ৰত ভাৰতীয় জনতা যুৱ মৰ্চাক অধিক দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৰাজধানীৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত মুখ্য ভূমিকা পালন কৰিব।

 

কাপুৰে লগতে কয় যে বিজেপিয়ে সদায় যুৱ নেতাসকলক দল আৰু চৰকাৰত স্থান দিয়াৰ প্ৰয়াস কৰি আহিছে। তেওঁ দলীয় পদৱীৰ বয়সৰ সীমাৰ কথাও উল্লেখ কৰে, য’ত মণ্ডল সভাপতিৰ বয়স ৪৫ বছৰৰ তলত আৰু যুৱ মৰ্চাৰ সভাপতিৰ বয়স ৪০ বা তাতকৈ কম হোৱাটো বাধ্যতামূলক। অৱশ্যে তেওঁ স্বীকাৰ কৰে যে শেহতীয়া ছাত্ৰ জাগৰণৰ ফলত দলটোৱে জনসংযোগৰ কাম-কাজ অধিক ক্ষিপ্ৰ কৰিবলগীয়া হৈছে।

 

যন্তৰ-মন্তৰৰ প্ৰতিবাদৰ পাছতেই বিজেপিয়ে যুৱ সমাজৰ সৈতে মত বিনিময় আৰম্ভ কৰিছে। দিল্লী বিজেপিৰ সভাপতি হৰ্ষ মলহোত্ৰাই যুৱ মৰ্চাৰ কৰ্মীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ শুনাৰ লগতে দিল্লী বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ প্ৰায় ১০০ জন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। “যুৱ সংবাদ: মোডীৰ সৈতে জেন-জি” শীৰ্ষক এই কাৰ্যসূচীত উচ্চ শিক্ষা, পাঠ্যক্ৰমৰ সালসলনি আৰু জাতি গঠনৰ বিভিন্ন বিষয়ৰ লগতে যন্তৰ-মন্তৰৰ প্ৰতিবাদ সন্দৰ্ভতো আলোচনা কৰা হয়।

 

ইফালে, দিল্লী বিশ্ববিদ্যালয়ত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে এবিভিপিয়ে মহাবিদ্যালয়সমূহত “ৱেলকাম ফ্ৰেচাৰ্ছ” নামৰ এসপ্তাহজোৰা এক অভিযান আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে নতুন শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ লগতে নৱাগতসকলক চৰকাৰৰ শৈক্ষিক সংস্কাৰসমূহৰ বিষয়ে অৱগত কৰা হৈছে। এবিভিপিৰ দিল্লী ৰাজ্যিক সম্পাদক সাৰ্থক শৰ্মাই কয় যে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থ আৰু সামগ্ৰিক বিকাশৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি যাব বিচাৰে আৰু এই প্ৰয়াস কেৱল কোনো নিৰ্দিষ্ট প্ৰতিবাদৰ বাবেই নহয় বৰঞ্চ গোটেই বছৰ জুৰি চলি থাকে।

 

দিল্লী বিজেপিৰ এই সামগ্ৰিক প্ৰয়াসৰ মূল লক্ষ্য হৈছে ৰাজনৈতিক আৰু ছাত্ৰ সংগঠনৰ জৰিয়তে যুৱপ্ৰজন্মৰ সৈতে পোনপটীয়া সম্পৰ্ক বৃদ্ধি কৰা আৰু ‘জেন-জি’ ভোটাৰসকলৰ মাজত চৰ্চিত বিষয়সমূহৰ সৈতে সংযুক্ত হৈ থকা। অৱশ্যে এই পদক্ষেপে যুৱ ভোটাৰসকলৰ সৈতে এক গভীৰ আৰু স্থায়ী সম্পৰ্ক গঢ়ি তোলাত কিমানদূৰ সফল হ’ব, সেয়া সময়তহে লক্ষণীয় হ’ব।

Related News