• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

দিন যোৱাৰ লগে লগে উজনিৰ বানপানী কিমান প্ৰলংকাৰী আছিল আমি গম পাই আহিছোঁ। এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল বানত ক্ষতিগ্ৰস্ত লোকসকলক বান সাহায্য দিয়াটো।

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 29, 2026 10:31 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিন যোৱাৰ লগে লগে উজনিৰ বানপানী কিমান প্ৰলংকাৰী আছিল আমি গম পাই আহিছোঁ। এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল বানত ক্ষতিগ্ৰস্ত লোকসকলক বান সাহায্য দিয়াটো। এই ক্ষেত্ৰত চৰকাৰে কি কৰিছে নাজানো। ৰাইজে কিন্তু  হাত উজাৰি সহায় কৰিছে। মই এনে কম মানুহ পাইছোঁ যি কিবা নহয় কিবা প্ৰকাৰে বান সাহায্য আগবঢ়োৱা নাই। কিন্তু এই যে গাড়ীয়ে গাড়ীয়ে উজনিলৈ বান সাহায্য গৈ আছে, সেইবোৰৰ বিতৰণ যাতে সুসমন্বিতভাৱে হয় তাৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই দায়িত্ব প্ৰশাসনৰ। প্ৰশাসনে পশুধনৰ নিৰাপত্তা আৰু আপডালতো  সমানে গুৰুত্ব দিয়া উচিত।

সাহায্যৰ পিছত আহিল ক্ষয়-ক্ষতিৰ প্ৰশ্নটো। ক্ষয়-ক্ষতিৰ প্ৰকৃত খতিয়ান কোনে উলিয়াব? কেনেকৈ উলিয়াব? এইটো প্ৰায়  অসম্ভৱ।এটা কথা সঁচা— ১৯৫০ চনৰ বৰভূঁইকঁপে বহু ঠাইত অসমৰ নদীসমূহৰ চৰিত্ৰ পৰিৱৰ্তন কৰি দিছিল, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বুকুখন বাম কৰি দিছিল। কিন্তু আমি তেতিয়াই আমি প্ৰথম ভুলটো কৰিলো নদীৰ মাথাউৰি আৱিষ্কাৰ কৰি। তাৰ কিছু বছৰ পিছত, সত্তৰৰ দশকত শৰৎ চন্দ্ৰ সিংহই এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে অসমৰ মানুহে বানপানীৰ সৈতে সহবাস কৰিবলৈ শিকিব লাগিব। তেওঁক তেতিয়া বহুতেই সমালোচনা কৰিছিল, কিন্তু তেওঁ কোনো নভবা-নিচিন্তাকৈ কথাষাৰ কোৱা নাছিল। তেওঁ কোৱা কথা আমাৰ নৈপৰীয়া লোকৰ জীৱনগাথা আছিল। অৰ্থাৎ তেওঁ তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিতহে সেই সোণসেৰীয়া কথাফাঁকি কৈছিল।

Apply Now

আগতেও অসমত বছৰে বছৰে বানপানী আহিছিল। বানপানী আহি আমাৰ মাটিৰ উপৰিভাগত পাতল পলস পেলাই পথাৰ সাৰুৱা কৰি থৈ গৈছিল আৰু খাল-বিল-নৈত মাছ-কাছ ভৰি পৰিছিল, যিয়ে মানুহক বছৰটোলৈ  পুষ্টিৰ যোগান ধৰিছিল। এতিয়াৰ দৰে অতীতৰ বানপানীয়ে মানুহৰ মাজত বিভীষিকাৰ সৃষ্টি কৰা নাছিল। কিন্তু এতিয়া উন্নয়ন কেৱল মাথাউৰিতে সীমাবদ্ধ হৈ থকা নাই— ই নদীবান্ধ পাইছেগৈ, অকল নদীবান্ধেই নহয়, আৰু কত ডাঙৰ ডাঙৰ উন্নয়ন প্ৰকল্প! সকলোফালে ওখ ওখ, আহল-বহল ৰাস্তা; আগতে ৰেল নোযোৱা ঠাইলৈ ৰেল লাইন। কিয়, আজি কেইবছৰমান আগতে হাফলংত কি হৈছিল মনত নাই? পাহাৰত উন্নয়ন, ভৈয়ামত উন্নয়ন! সকলো ফালে উন্নয়নে উন্নয়ন।উন্নয়নৰূপী প্ৰতিবন্ধকতাৰ বাবে যদি মাটিৰ উপৰিভাগেৰে স্বাভাবিক প্ৰক্ৰিয়াৰে পানী বাগৰি আহিব নোৱাৰে, তেন্তে এনে বিভীষিকাৰ সৃষ্টি নহৈ কি হ’ব? স্বাভাৱিক প্ৰক্ৰিয়া মানে কি? মাটিৰ উপৰিভাগৰ গছ-গছনি, হাবি-বন, অ’ত ত’ত থকা খাল-বিল, নৈ-নিজৰা — তাৰ মাজেৰে পানী বৈ অহা। তেনেকৈ বৈ অহা পানী বৈ আহোঁতেই মাজে মাজে থমকি ৰ’বনে নৰয়, তাৰ সোঁত কম হ’বনে নহয়? নিশ্চয় হ’ব। বাটে পথে জিৰণি লৈ পানী আহি থাকিব। তেনেদৰে আহি থাকোতে সময় ল’ব। তাৰ সলনি যদি ক’ৰবাত আবদ্ধ হৈ থকা পানী হঠাৎ পাৰ ভাঙি আৱৰণহীন কেঁচা মাটিৰ ওপৰেৰে বৈ আহে, তেনেহ’লে কি হ’ব? এতিয়া উজনি অসমত যি হৈছে সেইটো।

ক্ষয়-ক্ষতিৰে আৰম্ভ কৰিছিলোঁ নহয়? উজনি অসমৰ ক্ষতিগ্ৰস্ত বহু পৰিয়ালক আগৰ অৱস্থালৈ ঘূৰি যাবলৈ এক দশকৰো বেছি  লাগিব পাৰে। হয়তো সেইটো সম্ভৱ নহবও পাৰে।চাওক, আমি আছোঁ ভৈয়ামত। পাহাৰো যদি উন্নয়নৰ নামত  খহাই, খান্দি পেলাইছোঁ, ভৈয়ামতো যদি একেই কৰিছোঁ— খাল, বিল, জলাশয়, নদী নোহোৱা কৰিছোঁ, তেন্তে আমাৰ এই গতি নহয় কাৰ হ’ব? যোৰাবাটত কি  হ’বলৈ লৈছে আজিকালি? যোৰাবাট বাদ দিয়ক, এজাক মজলীয়া ধৰণৰ বৰষুণ দিয়াৰ পিছত গুৱাহাটীৰ কি অৱস্থা হয়? প্ৰতিটে অঞ্চলত পানী নহয়নে? কিয় ৩০/৪০ বছৰ আগতে এনে হোৱা নাছিল? এতিয়া গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য চাবলৈ মানুহ যায় নহয়, একেবাৰে ভক্তিত গদগদ হৈ! কি চমৎকাৰ উন্নয়ন! চাই থাকক, নদীখন এনেকৈ দখল কৰা বাবে ব্ৰহ্মপুত্ৰই এদিন  শিক্ষা দিয়েনে নিদিয়ে! গতিকে এতিয়া হায়ৈ-বিয়ৈ কৰি লাভ নাই। উজনিৰ বানপানী উন্নয়নৰ ভৰণি। এনেকৈ ভৰণি দি থাকোঁতে থাকোঁতে  আমি এদিন শেষ হৈ যাম। এই উন্নয়ন আৰ্হি পৰিত্যাগ নকৰিলে আমি এনেকৈয়ে ভুগি থাকিম।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd