আটাইবোৰ যাত্ৰী বিমানত উঠিল। হেণ্ড বেগ ওপৰত তুলি দি নিজ নিজৰ চিটত বহিল। বিমান পৰিচাৰিকাই ঘোষণা কৰিলে সকলো নিয়ম। কিন্তু উৰণৰ ঠিক আগতে ফোনত ‘হাইজেকিং’ৰ আলোচনাত ব্যস্ত হৈ পৰিল এজন যাত্ৰী। যিটো শুনি সহযাত্ৰীসকলৰ স্তম্ভিত হৈ পৰে। সেই যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়।
মুম্বাই বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে দিল্লী অভিমুখী ভিস্তাৰা বিমানত সংঘটিত হয় এই ঘটনা। সংশ্লিষ্ট বিমান সংস্থাৰ সূত্ৰৰ মতে, বিমানখন উৰণৰ পূৰ্বে এজন যাত্ৰীয়ে ফোনত ‘হাইজেকিং’ৰ বিষয়ে আলোচনা কৰি আছিল। বিমান পৰিচাৰিকাগৰাকীৰ লগতে আন কেইবাজনো যাত্ৰীয়ে এই কথা শুনিলে। ইয়াৰ পিছতে ব্যক্তিজনৰ বিৰুদ্ধে কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰা হয়।
লগতে পঢ়ক: ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে অসমৰ জহা চাউলে! কি ক’লে গৱেষণাই?
সন্ধিয়া মুম্বাইৰ ছত্রপতি শিৱাজী বিমানবন্দৰত ভিষ্টাৰাৰ এখন বিমানত যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। পটভূমিত এজন যাত্ৰীৰ ফোনত ‘হেকিং’ৰ ওপৰত আলোচনা। যাত্ৰীজনে ঠিক কি ক’লে? ফ্লাইট এটেণ্ডেণ্টৰ সৈতে যাত্ৰীসকলে ফোনত যাত্ৰীজনে কোৱা শুনিলে- ‘’আহমেদাবাদলৈ যোৱা বিমানখন অৱতৰণ কৰিবলৈ ওলাইছে। কিবা সমস্যা হ’লে মোক ফোন কৰিব।” তেওঁ লগতে ক’লে, ‘হাইজেকৰ সকলো পৰিকল্পনা আছে। চিন্তা নকৰিব, সকলো ব্যৱস্থা আছে।’
সহযাত্ৰীৰ কথা-বতৰা শুনি দুই এজন যাত্ৰীয়ে আসন এৰি থিয় হ’ল। ইয়াৰ পিছতে বিমান পৰিচাৰিকাই নিৰাপত্তাৰক্ষীক ফোন কৰি যাত্ৰীজনক কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীক গতাই দিয়ে। সামগ্ৰিকভাৱে বিমানখন যথেষ্ট দেৰিকৈ উৰা মাৰে।
ৰিতেশ জুনেহা নামৰ এজন যাত্ৰীয়ে সংঘটিত কৰিছে এই অদ্ভুত ঘটনা। বিমানত ‘হাইজেকিং’ৰ কথা কোৱাটো ভয়ংকৰ। কিন্তু তেওঁ এই বিষয়ে কিয় আলোচনা কৰি আছিল? আৰক্ষীয়ে জনোৱা মতে, ৰিতেশ মানসিকভাৱে অসুস্থ। আনকি তেওঁৰ চিকিৎসাও ২০২১ চনৰ পৰা চলি আছে। গতিকে আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে তেওঁ হয়তো একো নজনাকৈয়ে ‘হাইজেকিং’ৰ আলোচনা কৰি আছিল।
লগতে পঢ়ক: দাড়ি দীঘল নকৰি বিয়া পাতক; ৫৩ বছৰীয়া ৰাহুলক লালুৱে ক’লে, এতিয়াও সময় আছে
উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে প্ৰায় একেধৰণৰ ঘটনা সংঘটিত হৈছিল এই মুম্বাই বিমানবন্দৰতে। কলকাতালৈ যোৱা এখন বিমানত থকা এজন যাত্ৰীয়ে হঠাতে তেওঁৰ বেগত বোমা থকা বুলি দাবী কৰিছিল। অৱশেষত আৰক্ষীয়ে মহিলা যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বেগটো তালাচী কৰা হৈছিল যদিও কোনো বোমা পোৱা নগ’ল। তাৰ এমাহৰ পাছতে এজন যাত্ৰীৰ ‘হাইজেক’ৰ আলোচনাক কেন্দ্ৰ কৰি আন এক ঘটনা সংঘটিত হ’ল।