NORTHEAST NOW (Assamese)

দিল্লীত এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিল মাৰাত্মক ক’ৰ’না ভাইৰাছ

April 1, 2020 12:06 pm · এন ই নাও নিউজ
Updated: April 1, 2020 12:12 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

দিল্লী-এন চি আৰত তীব্ৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ দিল্লীত এগৰাকী চিকিৎসক এই ভাইৰাছত আক্ৰান্ত হৈছে।

কোনো ক’ৰ’না আক্ৰান্তৰ চিকিৎসা নকৰা তথা ভ্ৰমণ পৰিক্ৰমা নথকা চিকিৎসকগৰাকী এই ভাৰাছত আক্ৰান্ত হোৱা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পূব দিল্লীৰ কেন্সাৰ ইনষ্টিটিউটত কাম কৰা চিকিৎসকগৰাকীৰ বৰ্তমান চিকিৎসা চলি আছে বুলি জানিব পৰা যায়।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সতেন্দৰ জৈনে কয় যে দিল্লী ষ্টেট কেন্সাৰ ইনষ্টিটিউটৰ এগৰাকী পুৰুষ চিকিৎসকৰ দেহত এই ভাইৰাছবিধ ধৰা পৰিছে। তেওঁ য়ুনাইটেড কিংডমৰ পৰা উভতি অহা ভায়েকৰ ঘৰলৈ গৈছিল।

বৰ্তমান কেন্সাৰ ইনষ্টিটিউটখন আজিৰ বাবে বন্ধ কৰি দিয়া হৈছে আৰু চেনিটাইজ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দিল্লীৰ মহল্লা ক্লিনিকৰ দুগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছিল ক’ৰ’না ভাইৰাছ।

দেশত যোৱা ২৪ ঘণ্টাত ৰেকৰ্ড সংখ্যক ২২৭ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। এই পৰ্যন্ত ৰাজধানী দিল্লীত ১২১ লোক আক্ৰান্ত হৈছে ক’ৰ’নাত।

Related News