IPL 2024: পুনৰ পন্তৰ বেটিং ধুমুহা; দিল্লীৰ বিৰুদ্ধে যুঁজ দিও হাৰিল গীলৰ গুজৰাট

দিল্লীত গুজৰাটে ৮টা উইকেট হেৰুৱাইও যুঁজ দিবলৈ এৰা নাছিল। শেষ বলটোলৈকে যুঁজ দি মাত্ৰ ৪ ৰানত পৰাজয় স্বীকাৰ কৰিলে।ৰছিদ খানৰ দুৰ্দান্ত প্ৰদৰ্শন অথলে গ’ল।

দিল্লী কেপিটেলছে অধিনায়ক ঋষভ পন্তৰ বিস্ফোৰক ইনিংছৰ সুবাদতে গুজৰাট টাইটানছক পৰাস্ত কৰে। শুভমন গীলৰ গুজৰাট চলিত আই পি এলত দিল্লীৰ হাতত দুবাৰকৈ পৰাস্ত হ’ল।

শুভমন গীল বাহিনীয়ে দুয়োটা দলৰ পূৰ্বৰ খেলখনত মাত্ৰ ৮৯ ৰান সংগ্ৰহ কৰি বল আউট হৈছিল। বুধবাৰে সেই পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ সুযোগ আছিল গুজৰাটৰ। গীলে টছত জয়লাভ কৰি দিল্লীৰ বিৰুদ্ধে বলিং কৰাৰ সিদ্ধান্ত লয়।

মাত্ৰ ৪৪ ৰানতে তিনিটা উইকেট হেৰুৱাই ঘৰুৱা খেলপথাৰত বিপদত পৰিছিল দিল্লী। কিন্তু পন্তে তাৰ পৰা দলটোক উ লিয়াই আনিলে। মাত্ৰ ৪৩টা বলত অধিনায়কগৰাকীয়ে ৮৮ ৰান সংগ্ৰহ কৰে।

ক্ৰীজৰ বিপৰীত ফালে অক্ষৰ পেটেলে ৬৬ ৰান সংগ্ৰহ কৰে। একেবাৰে শেষত দিল্লীয়ে ট্ৰিষ্টিয়ান ষ্টাবছৰ ৭ বলত ২৬ ৰানৰ সহায়ত ২২৪ ৰান সংগ্ৰহ কৰে।

লক্ষ্য অতিক্ৰম কৰিবলৈ নামি আৰম্ভণিতে গীল আউট হৈ আহিল। ইয়াৰ পিছতে ঋদ্ধিমান সাহা আৰু ছাই সুদৰ্শনৰ বেটিঙেৰে লাহে লাহে খেললৈ উভতি আহিছিল গুজৰাটে। সুদৰ্শনে ৬৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত ডেভিদ মিলাৰেও ২৩টা বলত ৫৫ ৰানৰ ইনিংছ খেলি জয়ৰ আশা জীয়াই ৰাখিছিল।

কিন্তু গুজৰাটে একেৰাহে উইকেট হেৰুৱাই ক্ৰমান্বয়ে খেলখনৰ পৰা আঁতৰি গ’ল। শেষৰ তিনিটা অভাৰত বেটছমেন ৰছিদ খানে অৱশ্যে আপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু ১১টা বলত ২১ ৰান সংগ্ৰহ কৰিও তেওঁ গুজৰাটক জয়ী কৰাব নোৱাৰিলে। মেচখন মাত্ৰ ৪ ৰাণেৰে জয়ী হৈ পুনৰ জয়ৰ ধাৰালৈ ঘূৰি আহিল দিল্লী।

সংক্ষিপ্ত স্কোৰঃ

দিল্লী কেপিটেলছঃ ২২৪/৪ (পন্ত ৮৮, অক্ষৰ ৬৬, সন্দীপ ৩/১৫)

গুজৰাট টাইটানছঃ ২২০/৮ (সুদৰ্শন ৬৫, মিলাৰ ৫৫, ৰছিক ৩/৪৪)

দিল্লীয়ে ৪ ৰানত জয়লাভ কৰে।