দিল্লীৰ বেটিং পৰাক্ৰমৰ সন্মুখত নতি স্বীকাৰ কলকাতাৰ; সফল নহ’ল মৰ্গান-ত্ৰিপাঠীৰ প্ৰচেষ্টা

dc-vs-kkr-1601715814

শ্বাৰজাহত খেলোৱা আইপিএলৰ এখন উত্তেজনাপূৰ্ণ খেলত শনিবাৰে দিল্লী কেপিটেলছে কলকাতা নাই ৰাইডাৰ্ছক ১৮ৰাণ পৰাস্ত কৰে।

প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে নিৰ্দ্ধাৰিত ২০ অভাৰত ৪টা উইকেটৰ বিনময়ত ২২৮ৰাণ কৰে।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি কলকাতা নাইট ৰাইডাৰ্ছে নিৰ্দ্ধাৰিত ২০ অভাৰত ৮উইকেটৰ বিনিময়ত ২১০ৰাণত ইনিংছ সামৰে।

দিল্লীৰ হৈ পৃথ্বী শ্বই ৪টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৪১টা বলত ৬৬ৰাণ কৰে। শিখৰ ধাৱানে ২টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ১৬টা বলত ২৬ৰাণ কৰি পেভলিয়ানলৈ ওভতে।

ঋষভ পন্টে ৫টা চাৰি আৰু এটা ছয়ৰ সহায়ত ১৭টা বলত ৩৮ৰাণ কৰাৰ বিপৰীতে ষ্টাইনিছে ৩টা বল খেলি ১ৰাণ কৰিয়েই নিজৰ উইকেট বিসৰ্জন দিয়ে।

আনহাতে, শ্ৰেয়াস আয়াৰে ৭টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৩৮টা বলত ৮৮ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ খেলি অপৰাজিত হৈ থাকে। আয়াৰে ২৬টা বলত নিজৰ হাফ চেঞ্চুৰী সম্পূৰ্ণ কৰে। হেটমেয়াৰে ৫টা বলত ৭ৰাণ কৰি অপৰাজিত হৈ ৰয়।

কলকাতাৰ হৈ আন্দ্ৰে ৰাছেলে ২টা আৰু নাগৰকোটি তথা বৰুণে এটাকৈ উইকেট দখল কৰে।

বেটিঙত কলকাতাৰ হৈ শুভমন গীলে ২২টা বলত ২৮ৰাণ কৰি আউট হয়। নাইৰানে কৰে মাত্ৰ ৩ৰাণ। নীতিশ ৰাণাই ৪টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৩৫বলত ৫৮ৰাণ কৰি উইকেট হেৰুৱায়।

সেইদৰে ৰাছেলে ১৩, দীনেশ কাৰ্তিকে ৬ আৰু পেট কামিন্সে ৫ৰাণ কৰি পেভলিয়ানলৈ ওভতে।

কলকাতাই ১৩.৩অভাৰত ৬উইকেটৰ বিনিময়ত ১২২ৰাণ কৰা অৱস্থাৰ পাছত ক্ৰিজত ইয়ান মৰ্গান আৰু ৰাহুল ত্ৰিপাঠী যুটীয়ে আক্ৰমণাত্মক বেটিঙেৰে কলকাতাৰ বাবে জয়ৰ সম্ভাৱনা জগাই তোলে।

মৰ্গানে ১৮টা বলত এটা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ৪৪ৰাণ কৰি আউট হয়। আনহাতে, ৮নম্বৰত বেটিং কৰিবলৈ অহা ৰাহুল ত্ৰিপাঠীয়ে ৩টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ১৬টা বলত ৩৬ৰাণ কৰি ক্লীন ব’ল্ড হয়।

অন্তিম অভাৰত শিবম মাভি আৰু নাগৰকোটিৰ বাবে কোনো বিস্ময় সৃষ্টি কৰাটো সম্ভৱ নহ’ল।

দিল্লীৰ হৈ এনৰিছে ৩টা উইকেট আৰু হাৰ্ষাল পেটেলে ২টা উইকেট লোৱাৰ বিপৰীতে অমিত মিশ্ৰ, ৰাবাডা আৰু ষ্টাইনিছে এটাকৈ উইকেট দখল কৰে। ষ্ৰেয়াস আয়াৰক মেন অফ দ্য মেচ প্ৰদান কৰা হয়।