পৰিয়ালতন্ত্ৰৰ পৰা মুক্ত হ’ব নোৱাৰা কংগ্ৰেছত এতিয়াও নাই কোনো স্থায়ী সভাপতি।
দেশৰ ৰাজ্যই ৰাজ্যই এতিয়া কংগ্ৰেছৰ পয়ালগা অৱস্থা।
এনে সময়তে কংগ্ৰেছৰ এজন পূৰ্ণকালীন সভাপতি নিৰ্বাচনৰ বাবে দলটোৰ ভিতৰতে প্ৰৱল দাবী উঠিছে।
শেহতীয়াকৈ কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত চলিত বৰ্ষৰ জুন মাহৰ ভিতৰতে কংগ্ৰেছৰ এজন সভাপতি নিৰ্বাচন কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে।
এনে সময়তে ৰাহুল গান্ধীকে পুনৰ কংগ্ৰেছৰ সভাপতি পদত বহুৱাব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰি দিল্লী প্ৰদেশ কংগ্ৰেছে।
দেশৰ বিভিন্ন ৰাজ্যত এতিয়া কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থতে “Rahul Returns” অভিযানৰ উকমুকনিৰ সৃষ্টি হোৱা দেখা গৈছে।
ইয়াৰ মাজতে দিল্লী কংগ্ৰেছে দেশৰ প্ৰথম ৰাজ্য হিচাবে “Rahul Returns” অভিযানক সমৰ্থন জনাই ৰাহুলকে পুনৰ দলৰ সভাপতি পতাৰ বিষয়ত আনুষ্ঠানিক প্ৰস্তাৱ গ্ৰহণ কৰিছে।
দিল্লী কংগ্ৰেছৰ সভাপতি অনিল চৌধুৰীয়ে উত্থাপন কৰা প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়। এই প্ৰসংগত মন্তব্য কৰি চৌধুৰীয়ে কয় যে শাসকীয় দল বিজেপিয়ে দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
এইক্ষেত্ৰত ৰাহুল গান্ধীয়ে তেওঁৰ নিজস্ব স্থিতিৰে বিজেপিৰ বিৰুদ্ধে সৱল প্ৰতিৰোধ গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
ৰাহুলেহে বিজেপিক প্ৰতিহত কৰাৰ দিক নিৰ্ণয় কৰিব পাৰিব বুলি তেওঁলোক আশাবাদী।
সেইবাবেই ৰাহুলকে পুনৰ কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত কৰোৱাৱলৈ দিল্লী কংগ্ৰেছে প্ৰস্তাৱ গ্ৰহণ কৰা বুলি তেওঁ কয়।