ৰক্ষকেই ভক্ষক! অপহৰণ-ধন দাবীত জড়িত হ’ল আৰক্ষী, ধন আদায় নকৰিলে ভুৱা গোচৰ ৰুজু কৰাৰ ভাবুকি

Delhi Cops Kidnap Man

আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত সাধাৰণ নাগৰিকক আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এইবাৰ অপহৰণ আৰু ধন দাবীৰ অভিযোগতো সোমাই পৰিছে আৰক্ষী। শুল্ক বিভাগৰ এজন কৰ্মচাৰীক অপহৰণ তথা ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে খোদ আৰক্ষীয়েই।

অভিযোগ অনুসৰি দিল্লী আৰক্ষীৰ তিনি কৰ্মীয়ে যোৱা ১১ অক্টোবৰত শুল্ক বিভাগৰ এগৰাকী কৰ্মচাৰীক অপহৰণ কৰে আৰু তেওঁক ১.৫ লাখ টকা দাবী কৰে।

যদি অপহৃত ব্যক্তিগৰাকীয়ে এই ধনৰাশি পৰিশোধ নকৰে, তেতিয়া তেওঁৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰাৰ ভাবুকি দিয়ে আৰক্ষী কেইবাগৰাকীয়ে।

অপহৃত ব্যক্তিজনৰ পৰা এই ধনৰাশি আদায় কৰাৰ বাবে তেওঁক প্ৰহাৰ কৰা বুলিও অভিযোগ কৰা হৈছে। অৱশেষত আৰক্ষী কৰ্মীকেইগৰাকীৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ দাবী কৰা মতেই টকা পৰিশোধ কৰিবলৈ বাধ্য হয়।

তাৰ পিছতে ব্যক্তিগৰাকীয়ে তেওঁক অপহৰণ কৰা আৰক্ষী কৰ্মী কেইবাগৰাকীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত আৰক্ষী কৰ্মীসকলৰে দুজনক গ্ৰেপ্তাৰ কৰে। আনহাতে ঘটনাটোত আন এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকো জড়িত আছিল বুলি আৰক্ষীয়ে জানিব পাৰে।

এই উপ-পৰিদৰ্শক গৰাকীৰ লগতে অভিযুক্ত আনগৰাকী আৰক্ষী বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে।

পলাতক দুই আৰক্ষীৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা হৈছে বুলিও জানিবলৈ দিয়ে।