এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

a som

২০১৬ চনৰ ৯ ছেপ্তেম্বৰৰ দিনা  দিল্লীৰ এইমছত আপৰ বিধায়ক সোমনাথ ভাৰতী আৰু তেওঁৰ সমৰ্থকে চলোৱা তাণ্ডৱলীলা সন্দৰ্ভত আজি দিল্লীৰ মেট্ৰ’পলিটান আদালতে বিধায়ক জনক দোষী সাৱস্ত্য কৰে।

মেট্ৰ’পলিটান আদালতৰ ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ পাণ্ডেই আপৰ বিধায়ক সোমনাথ ভাৰতীক দোষী সাৱস্ত্য কৰাৰ লগতে আন চাৰিজনক দোষমুক্ত বুলি ঘোষণা কৰে।

ভাৰতীয় দণ্ডবিধিৰ ৩২৩/৩৫৩ শাখাৰ ১৪৯ ধাৰাৰ অধীনত আদালতে আপৰ বিধায়কগৰাকীক দোষী সাৱস্ত্য কৰে।

ৰাজহুৱা সম্পত্তি বিনষ্টকৰণ প্ৰতিৰোধী আইন , ১৯৮৪ৰ ৩ নং ধাৰাৰ অধীনতো বিধায়ক ভাৰতীক দোষী সাৱস্ত্য কৰা হয়।

উল্লেখ্য ২০১৬ চনৰ ৯ ছেপ্তেম্বৰৰ দিনা আপৰ বিধায়ক সোমনাথ ভাৰতীয়ে পুৱা প্রায় ৯.৪৫ বজাত এইমছলৈ গৈ বলপূৰ্বক এইমছ চৌহদত প্ৰৱেশ কৰিব বিচাৰিছিল।

এই কাৰ্যত বাধা দিয়াৰ বাবে সোমনাথ ভাৰতী আৰু তেওঁৰ একাংশ সমৰ্থকে এইমছৰ নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল।

অভিযোগ অনুসৰি বিধায়ক ভাৰতীয়ে গৌতম নগৰ নালা ৰোডেৰে জেচিবি আনি এইমছৰ মাটি দখলৰো চেষ্টা চলাইছিল।

এই ঘটনাৰ পিছতে এইমছৰ মুখ্য নিৰাপত্তা বিষয়া আৰ এছ ৰাৱাটে সোমনাথ ভাৰতী আৰু তেওঁৰ একাঁশ সমৰ্থকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

দীৰ্ঘদিনৰ অন্তত আদালতে আজি গোচৰটোত সোমনাথ ভাৰতীক দোষী সাৱস্ত্য কৰাৰ লগতে আন চাৰিজন অভিযুক্ত ক্ৰমে  জগত ছাইনী,দালিপ ঝা,সন্দীপ ওৰফে ছনু আৰু ৰাকেশ পাণ্ডেক দোষমুক্ত ঘোষণা কৰে।