• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৮ ৰাষ্ট্ৰৰ বৈঠকত “সুৰক্ষিত, স্থিৰ আফগানিস্তান”ৰ পক্ষত দিল্লী ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2021 6:54 pm
Delhi Declaration
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আফগানিস্তান আৰু ইয়াৰ অঞ্চলসমূহ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বা প্ৰশিক্ষণ দিয়াৰ বাবে আৰু সন্ত্ৰাসবাদৰ কাৰ্যকলাপক বিত্তীয় যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি”— দিল্লীত আয়োজিত আঠখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এক আঞ্চলিক নিৰাপত্তা সন্মিলনত আজি এই ঘোষণা কৰা হয়।

এক যুটীয়া বিবৃতিত দিল্লী ঘোষণাপত্ৰত কোৱা হৈছে যে আঠখন অংশগ্ৰহণকাৰী ৰাষ্ট্ৰই বিকশিত আফগান পৰিস্থিতি, বিশেষকৈ আগষ্টত তালিবানৰ অধিগ্ৰহণৰ পিছত বিশ্বব্যাপী প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছিল। বৈঠকত ৰাষ্ট্ৰ কেইখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই প্ৰতিনিধিত্ব কৰিছিল।

সকলো দেশে আফগানিস্তানৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি বিশেষ মনোযোগ দিয়ে বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে সন্ত্ৰাসবাদৰ ভাবুকি, উগ্ৰবাদ আৰু ড্ৰাগস সৰবৰাহ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হৈছিল।

সন্মিলনত অংশগ্ৰহণ কৰা ভাৰত, ৰাছিয়া, ইৰাণ, কাজাখস্তান, কিৰগিজস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান আৰু তাজিকিস্তানে আফগানিস্তানক সকলো সম্ভৱ মানৱীয় সহায় আগবঢ়োৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Apply Now

সকলো দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইয়াৰ বিত্তীয় যোগান, সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস আৰু উগ্ৰবাদৰ মোকাবিলাকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে, যাতে আফগানিস্তান কেতিয়াও বিশ্বসন্ত্ৰাসবাদৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল নহয়।

বিবৃতিটোত উল্লেখ কৰা হৈছে যে, “আফগান জনসাধাৰণৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰি অৱনতি হোৱা আৰ্থ-সামাজিক আৰু মানৱীয় পৰিস্থিতিৰ ক্ষেত্ৰত জৰুৰী সহায় আগবঢ়োৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।”

দিল্লী ঘোষণাপত্ৰত লগতে কোৱা হৈছে যে “এক মুক্ত অন্তৰ্ভুক্ত চৰকাৰ গঠন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ, যি আফগানিস্তানৰ সকলো লোকৰ ইচ্ছাক প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোকৰ সমাজৰ সকলো শ্ৰেণীৰ পৰা প্ৰতিনিধিত্বকাৰী আছে।”

বিবৃতিটোত মহিলা, শিশু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মৌলিক অধিকাৰ নিশ্চিত কৰাৰ গুৰুত্ব ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

তদুপৰি যুটীয়া ঘোষণাপত্ৰত আফগানিস্তানক ক’ভিদ-১৯ নিয়ন্ত্ৰণত সহায় কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰা হৈছে।

ইয়াৰ পূৰ্বে আজি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আফগান পৰিস্থিতি সন্দৰ্ভত অঞ্চলটোৰ ৰাষ্ট্ৰসমূহৰ মাজত ঘনিষ্ঠ আলোচনা আৰু অধিক সহযোগিতা আৰু সমন্বয়ৰ আহ্বান জনায়।

ডোভালে তেওঁৰ প্ৰাৰম্ভিক ভাষণত কয়, “আফগানিস্তানৰ বৰ্তমান পৰিস্থিতি কেৱল আফগানিস্তানৰ জনসাধাৰণৰ বাবেই নহয়, ইয়াৰ চুবুৰীয়া দেশ আৰু অঞ্চলটোৰ বাবেও গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। মই নিশ্চিত যে আমাৰ আলোচনা ফলপ্ৰসূ তথা উপযোগী হ’ব আৰু আফগানিস্তানৰ লোকসকলক সহায় কৰাত অৰিহণা যোগাব।”

উল্লেখ্য যে তাজিকিস্তান, কিৰগিজস্তান, কাজাখস্তান, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানে প্ৰথমবাৰৰ বাবে এই আলোচনাত অংশগ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd