• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৮ ৰাষ্ট্ৰৰ বৈঠকত “সুৰক্ষিত, স্থিৰ আফগানিস্তান”ৰ পক্ষত দিল্লী ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2021 6:54 pm
Delhi Declaration
228
VIEWS
Share on FacebookShare on Twitter

“আফগানিস্তান আৰু ইয়াৰ অঞ্চলসমূহ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বা প্ৰশিক্ষণ দিয়াৰ বাবে আৰু সন্ত্ৰাসবাদৰ কাৰ্যকলাপক বিত্তীয় যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি”— দিল্লীত আয়োজিত আঠখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এক আঞ্চলিক নিৰাপত্তা সন্মিলনত আজি এই ঘোষণা কৰা হয়।

এক যুটীয়া বিবৃতিত দিল্লী ঘোষণাপত্ৰত কোৱা হৈছে যে আঠখন অংশগ্ৰহণকাৰী ৰাষ্ট্ৰই বিকশিত আফগান পৰিস্থিতি, বিশেষকৈ আগষ্টত তালিবানৰ অধিগ্ৰহণৰ পিছত বিশ্বব্যাপী প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছিল। বৈঠকত ৰাষ্ট্ৰ কেইখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই প্ৰতিনিধিত্ব কৰিছিল।

সকলো দেশে আফগানিস্তানৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি বিশেষ মনোযোগ দিয়ে বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে সন্ত্ৰাসবাদৰ ভাবুকি, উগ্ৰবাদ আৰু ড্ৰাগস সৰবৰাহ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হৈছিল।

সন্মিলনত অংশগ্ৰহণ কৰা ভাৰত, ৰাছিয়া, ইৰাণ, কাজাখস্তান, কিৰগিজস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান আৰু তাজিকিস্তানে আফগানিস্তানক সকলো সম্ভৱ মানৱীয় সহায় আগবঢ়োৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

সকলো দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইয়াৰ বিত্তীয় যোগান, সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস আৰু উগ্ৰবাদৰ মোকাবিলাকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে, যাতে আফগানিস্তান কেতিয়াও বিশ্বসন্ত্ৰাসবাদৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল নহয়।

বিবৃতিটোত উল্লেখ কৰা হৈছে যে, “আফগান জনসাধাৰণৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰি অৱনতি হোৱা আৰ্থ-সামাজিক আৰু মানৱীয় পৰিস্থিতিৰ ক্ষেত্ৰত জৰুৰী সহায় আগবঢ়োৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।”

দিল্লী ঘোষণাপত্ৰত লগতে কোৱা হৈছে যে “এক মুক্ত অন্তৰ্ভুক্ত চৰকাৰ গঠন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ, যি আফগানিস্তানৰ সকলো লোকৰ ইচ্ছাক প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোকৰ সমাজৰ সকলো শ্ৰেণীৰ পৰা প্ৰতিনিধিত্বকাৰী আছে।”

বিবৃতিটোত মহিলা, শিশু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মৌলিক অধিকাৰ নিশ্চিত কৰাৰ গুৰুত্ব ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

তদুপৰি যুটীয়া ঘোষণাপত্ৰত আফগানিস্তানক ক’ভিদ-১৯ নিয়ন্ত্ৰণত সহায় কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰা হৈছে।

ইয়াৰ পূৰ্বে আজি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আফগান পৰিস্থিতি সন্দৰ্ভত অঞ্চলটোৰ ৰাষ্ট্ৰসমূহৰ মাজত ঘনিষ্ঠ আলোচনা আৰু অধিক সহযোগিতা আৰু সমন্বয়ৰ আহ্বান জনায়।

ডোভালে তেওঁৰ প্ৰাৰম্ভিক ভাষণত কয়, “আফগানিস্তানৰ বৰ্তমান পৰিস্থিতি কেৱল আফগানিস্তানৰ জনসাধাৰণৰ বাবেই নহয়, ইয়াৰ চুবুৰীয়া দেশ আৰু অঞ্চলটোৰ বাবেও গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। মই নিশ্চিত যে আমাৰ আলোচনা ফলপ্ৰসূ তথা উপযোগী হ’ব আৰু আফগানিস্তানৰ লোকসকলক সহায় কৰাত অৰিহণা যোগাব।”

উল্লেখ্য যে তাজিকিস্তান, কিৰগিজস্তান, কাজাখস্তান, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানে প্ৰথমবাৰৰ বাবে এই আলোচনাত অংশগ্ৰহণ কৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd