• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰেপ্তাৰ হ’ব পাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া : আবকাৰী নীতিৰ ভংগৰ অভিযোগত চিবিআইৰ জেৰা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 26, 2023 4:04 pm
Sisodia
111
VIEWS
Share on FacebookShare on Twitter

গ্ৰেপ্তাৰ হ’ব পাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া। আবকাৰী নীতিৰ ভংগৰ অভিযোগত চিবিআই– এ আজি মনীষ চিছ’দিয়াৰ ওপৰত চলাইছে মাৰাথান জেৰা।

উল্লেখ্য যে এই গোচৰটোৰ বাবে যোৱা ১৯ ফেব্ৰুৱাৰী তাৰিখে মনীষ চিছ’দিয়াক চিবিআই – এ মাতি পঠাইছিল যদিও কামত ব্যস্ত থকাৰ বাবে চিবিআই ৰ সমুখত হাজিৰ হোৱা নাছিল চিছ’দিয়া। যাৰ বাবে পিছুয়াই দিয়া হৈছিল মনীষ চিছ’দিয়া চিবিআইৰ সমুখত হাজিৰ হোৱাৰ তাৰিখ।

মনীষ চিছ’দিয়াই চিবিআইৰ চমন লাভ কৰাৰ পিছত আজি চিবিআইৰ সমুখত হাজিৰ হয়। চিবিআইৰ অফিচলৈ যাওঁতে চিছ’দিয়াই মহাত্মা গান্ধীৰ স্মৃতিসৌধ ৰাজঘাট পৰিদৰ্শন কৰে। চিবিআইৰ চমন সম্পৰ্কত চিছ’দিয়াই কয় যে – মই হয়তো কেইমাহ মানৰ বাবে জেললৈ যাব লাগিব। মই জেললৈ যাবলৈ সাজু। মোৰ লগত ৰাজ্যৰ লাখ লাখ মানুহৰ আশীৰ্বাদ আছে। সেয়ে মই চিন্তা কৰা নাই।

आज फिर CBI जा रहा हूँ, सारी जाँच में पूरा सहयोग करूँगा. लाखों बच्चो का प्यार व करोड़ो देशवासियो का आशीर्वाद साथ है
कुछ महीने जेल में भी रहना पड़े तो परवाह नहीं. भगत सिंह के अनुयायी हैं, देश के लिए भगत सिंह फाँसी पर चढ़ गए थे. ऐसे झूठे आरोपों की वजह से जेल जाना तो छोटी सी चीज़ है

— Manish Sisodia (@msisodia) February 26, 2023

আজি পুৱাই মনীষ চিছ’দিয়াই টুইটাৰযোগে এটা আপডেট দিছিল – “আজি পুনৰ চিবিআইলৈ যাম। সমগ্ৰ তদন্তত মই সম্পূৰ্ণ সহযোগিতা কৰিম।” সেই মতেই চিবিআইৰ কাৰ্যালয়ত উপস্থিত হৈছিল দিল্লীৰ উপমুখ্যমন্ত্ৰীগৰাকী।

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰিছে যে -“ভগৱান আপোনাৰ লগত আছে মনীষ। লাখ লাখ শিশু আৰু তেওঁলোকৰ পিতৃ–মাতৃৰ আশীৰ্বাদ আপোনাৰ লগত আছে। যেতিয়া আপুনি দেশ আৰু সমাজৰ বাবে জেললৈ যায়, ই অভিশাপ নহয় গৌৰৱৰ কথা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপুনি সোনকালে জেলৰ পৰা উভতি আহিব পাৰে। দিল্লীৰ সন্তান, তেওঁলোকৰ পিতৃ–মাতৃ আৰু আমি সকলোৱে আপোনাৰ বাবে অপেক্ষা কৰিম।“

भगवान आपके साथ है मनीष। लाखों बच्चों और उनके पेरेंट्स की दुआयें आपके साथ हैं। जब आप देश और समाज के लिए जेल जाते हैं तो जेल जाना दूषण नहीं, भूषण होता है। प्रभू से कामना करता हूँ कि आप जल्द जेल से लौटें। दिल्ली के बच्चे, पैरेंट्स और हम सब आपका इंतज़ार करेंगे। https://t.co/h8VrIIYRTz

— Arvind Kejriwal (@ArvindKejriwal) February 26, 2023

 

ইতিমধ্যে মনীষ চিছ’দিয়াৰ ওপৰত হোৱা চিবিআই তদন্ত সম্পৰ্কত সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সম্পৰ্কত আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় , “এয়া নৰেন্দ্ৰ মোডীয়ে অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিক বদনাম কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে। দিল্লীত যেতিয়া গেং ৱাৰ হয়, ডাঙৰ ডাঙৰ অপৰাধ হয় তেতিয়া দিল্লী পুলিচ আৰু চিবিআই– এ কি কৰি থাকে? সাহস আছে যদি নৰেন্দ্ৰ মোডীয়ে দেশখন লুটিপুটি খোৱা গৌতম আদানীৰ বিৰুদ্ধে চিবিআই তদন্ত কৰক। গৌতম আদানীৰ নাম মুখত ল’বলৈ নৰেন্দ্ৰ মোডীৰ সাহ আছেনে?”

ইতিমধ্যে চিবিআইৰ মুখ্যকাৰ্যালয়ত আম আদমী পাৰ্টিৰ সমৰ্থনকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিছে। ইয়াৰ লগতে খবৰ আহি পৰিছে যে দিল্লী আৰক্ষীয়ে ইতিমধ্যে ভালেমান আপৰ নেতাক গৃহবন্দী কৰি ৰাখিছে।

উল্লেখ্য যে দিল্লী আবকাৰী নীতি ভংগ কৰি সুৰা ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত আপ চৰকাৰে দুৰ্নীতিৰ সহায় লৈছে বুলি অভিযোগ উত্থাপন হৈছে।

এই গোচৰত দুই ব্যৱসায়ী বিজয় নাইৰ আৰু অভিষেক বয়নপালীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা বছৰৰ নৱেম্বৰ মাহত দাখিল কৰা অভিযোগনামাত নাম উল্লেখ কৰা ৭জন অভিযুক্তৰ ভিতৰত এই দুজনো আছিল। চিবিআইৰ বিষয়াসকলে দাবী কৰিছে যে আপ চৰকাৰে আবকাৰী নীতিৰ পৰিৱৰ্তন, অনুজ্ঞাপত্ৰধাৰীক অযথা অনুগ্ৰহ প্ৰদান, অনুজ্ঞাপত্ৰ মাচুল ৰেহাই আৰু অনুমোদন অবিহনে এল–১ অনুজ্ঞাপত্ৰ বৃদ্ধি কৰাকে ধৰি অনেক অনিয়ম সংঘটিত কৰাৰ অভিযোগ আছে।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd