সঘনাই স্বামীৰ ঘৰ এৰি গুচি যোৱাটো স্বামীৰ প্ৰতি নিষ্ঠুৰতা! বিবাহ বিচ্ছেদৰ অনুমতি দিলে আদালতে

প্ৰতিনিধিত্বমূলক ফটো।

অকাৰণতে ঘৰ এৰি গুচি যোৱা, শহুৰেকৰ ঘৰৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা নকৰা, স্বামীৰ লগত ভাল ব্যৱহাৰ নকৰাটো আচলতে নিষ্ঠুৰতা। এই অভিযোগক লৈ দিল্লী উচ্চ ন্যায়ালয়ে এহাল দম্পতীক বিবাহ বিচ্ছেদ কৰিবলৈ অনুমতি দিছে।

পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ গোচৰ তৰিছিল এজন বয়স্ক লোকে। তেওঁৰ অভিযোগ আছিল যে পত্নীয়ে কোনো উচিত কাৰণ নোহোৱাকৈ নিয়মীয়াকৈ পিতৃৰ ঘৰলৈ গুচি যায়। আনকি শহুৰেকৰ কোনো এজন লোকৰ বিৰুদ্ধে তেওঁ বেয়া আচৰণ কৰাৰ অভিযোগো উত্থাপনো কৰা নাই। এইটো আচলতে নিষ্ঠুৰতা।

লগতে পঢ়কঃ আমেৰিকাত পুনৰ ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু: অব্যাহত তদন্ত

১৯৯২ চনত বিবাহপাশত আবদ্ধ হয় এই দম্পতীহাল। ২০১৭ চনত তেওঁ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছিল। পাঁচ বছৰ ধৰি গোচৰ চলাৰ অন্তত পৰিয়াল আদালতে বিবাহ বিচ্ছেদৰ গোচৰ খাৰিজ কৰে। ইয়াৰ পিছত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

শপতনামাত তেওঁ কয় যে তেওঁৰ পত্নী চঞ্চল প্ৰকৃতিৰ। অন্ততঃ ছয়বাৰ তেওঁক অকাৰণতে এৰি থৈ গুচি গৈছিল। কেতিয়াবা তেওঁ বিধৱা বুলিও দাবী কৰে। মহিলাগৰাকীৰ অধিবক্তাই এই দাবীক বিৰোধিতা কৰি ওলোটাই দাবী কৰে যে তেওঁ শহুৰেকৰ ঘৰত অপমানৰ বলি হবলগীয়া হৈছিল। শাহুৱেকে তেওঁৰ লগত ভাল ব্যৱহাৰ কৰা নাছিল।

লগতে পঢ়কঃ৪০ বছৰৰ পিছত মাহেকীয়া অনিয়মিত হোৱা মানেই নহ’বও পাৰে ৰজোনিবৃত্তি : হ’ব পাৰে কেন্সাৰৰ লক্ষণ

দুয়োপক্ষৰ মতামত শুনি ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণক লৈ গঠিত আদালতে কয়, “সঘনাই স্বামীৰ ঘৰ এৰি গুচি যোৱাটো যুক্তিসংগত নহয়। আচলতে ই এক প্ৰকাৰৰ নিষ্ঠুৰতা। তদুপৰি মহিলাগৰাকীয়ে দীৰ্ঘদিনীয়া বিবাহিত জীৱনত শহুৰেকৰ ঘৰৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টাও কৰা নাছিল।” আদালতে এই যুক্তিতে বিবাহ বিচ্ছেদৰ অনুমতি দিয়ে।