বিবিচিৰ তথ্যচিত্ৰৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে

শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যন (বিবিচি)ৰ পৰা ক্ষতিপূৰণ বিচৰা এটা বেচৰকাৰী সংস্থাৰ আবেদনৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছে।হিন্দুস্তান টাইমছৰ তথ্য অনুসৰি বিবিচিৰ তথ্যচিত্ৰ ‘ইণ্ডিয়া: দ্য মোডী কুৱেশ্যন’এ দেশৰ সুনাম কলংকিত কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় ন্যায়পালিকাৰ বিৰুদ্ধে ভুৱা আৰু মানহানিকাৰক অভিযোগ উত্থাপন কৰে বুলি আবেদনখনত দাবী কৰা হৈছে।

ন্যায়াধীশ অনুপ জয়ৰাম ভাম্ভানীয়ে কয় যে তেওঁ গোচৰৰ পৰা নিজকে আঁতৰাই ৰাখিছে, কিন্তু ইয়াৰ কোনো কাৰণ উল্লেখ কৰা নাই।

ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ নিৰ্দেশ অনুসৰি ২২ মে’ত শুনানিৰ বাবে আন এখন বিচাৰপীঠৰ সন্মুখত আবেদনখন তালিকাভুক্ত কৰিব লাগে বুলি আদালতে কয়। গুজৰাটৰ বেচৰকাৰী সংস্থা জাষ্টিছ অন ট্ৰায়েলে দাখিল কৰা আবেদনৰ সন্দৰ্ভত ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে বিবিচিক জাননী জাৰি কৰিছিল।

আবেদনখনত উল্লেখ কৰা হৈছে যে বিবিচি ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক আৰু ২০২৩ চনৰ জানুৱাৰী মাহত সম্প্ৰচাৰিত হোৱা দুটা খণ্ড থকা তথ্যচিত্ৰ ‘ইণ্ডিয়া: দ্য মোদী কুৱেশ্যন’ মুকলি কৰিছে।

এই তথ্যচিত্ৰখনত ২০০২ চনত মোদী ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থকা গুজৰাটত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ সম্পৰ্কে আলোচনা কৰা হৈছে। তথ্যচিত্ৰখন মুক্তি পোৱাৰ লগে লগে চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল।

তথ্যচিত্ৰখনৰ দ্বিতীয় খণ্ডত মোদী কেন্দ্ৰত ক্ষমতালৈ অহাৰ পাছত – বিশেষকৈ ২০১৯ চনত পুনৰ নিৰ্বাচিত হোৱাৰ পাছত তেওঁৰ চৰকাৰে মুছলমানৰ ওপৰত হোৱা হিংসা আৰু বৈষম্যমূলক আইন আনি দিয়া কথা কোৱা হৈছে। ইয়াত মোদীক ‘অত্যন্ত বিভাজনকাৰী’ বুলি অভিহিত কৰা হৈছিল।ইয়াৰ পাছতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ আৰু ইউটিউবক তথ্যচিত্ৰখনৰ লিংক ব্লক কৰিবলৈ নিৰ্দেশ দিছিল৷