BJP leader’s rape case বিজেপি নেতা শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব তদন্ত

বিজেপিৰ জ্যেষ্ঠ নেতা শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ৷ কিন্তু ৰাজনৈতিক প্ৰভাৱৰ বাবেই নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাহস গোটাব পৰা নাছিল আৰক্ষীয়ে৷ অৱশেষত বিষয়টোত হস্তক্ষেপ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে৷

আদালতে আৰক্ষীক শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগত এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰু তিনি মাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা দিল্লীৰ বাসিন্দা মহিলা এগৰাকীয়ে হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ পঞ্জীয়ন কৰিব বিচাৰি ২০১৮ চনৰ জানুৱাৰী মাহতে আৰক্ষীৰ কাষ চপিছিল৷ কিন্তু আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰা নাছিল৷ অৱশেষত মহিলাগৰাকীয়ে আদালতৰ কাষ চাপে৷

উচ্চ ন্যায়ালয়ে ধৰ্ষণৰ গোচৰত বিজেপি নেতা শ্বাহনাৱাজ হুছেইনক সকাহ দিবলৈ অস্বীকাৰ কৰি আৰক্ষীক হুছেইনৰ বিৰুদ্ধে ধৰ্ষণকে ধৰি আন ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে। অভিযোগ কৰা মহিলাগৰাকীয়ে আদালতত কয় যে হুছেইনে তেওঁক ছত্ৰপুৰ ফাৰ্মহাউচত ধৰ্ষণ কৰিছিল আৰু এই বিষয়ে মুখ খুলিলে হত্যা কৰাৰ ভাবুকি দিছিল।

দণ্ডাধীশ আদালতে ৭ জুলাইত হুছেইনৰ বিৰুদ্ধে ৩৭৬/৩২৮/১২০/৫০৬ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়নৰ নিৰ্দেশ দিছিল আৰু কৈছিল যে মহিলাগৰাকীৰ অভিযোগক গুৰুত্ব সহকাৰে ল’ব লাগিব৷ আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদনত যুক্তি দিছিল যে হুছেইনৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা হোৱা নাই বুলি যুক্তি দিছিল যদিও আদালতে আৰক্ষীৰ যুক্তি নাকচ কৰি হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে৷

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশা মেননে ৰায়টোত কয় যে সকলো তথ্যৰ পৰা এইটো স্পষ্ট যে এই গোচৰত এজাহাৰ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ অনীহা দেখা গৈছে।ন্যায়াধীশ আশা মেননে কয় “আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদন খন চূড়ান্ত প্ৰতিবেদন নাছিল৷ আনহাতে চূড়ান্ত প্ৰতিবেদনখন অপৰাধটো বিবেচনা কৰিবলৈ দণ্ডাধীশৰ ওচৰলৈ প্ৰেৰণ কৰা প্ৰয়োজন” ।

ন্যায়াধীশ আশা মেননে লগতে কয় যে হুছেইনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭৩ ৰ অধীনত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব লাগিব।

আদালতে হুছেইনে তেওঁক ধৰ্ষণৰ অভিযোগৰ পৰা মুক্ত কৰিবলৈ দাখিল কৰা আবেদন খনো নাকচ কৰে৷ ধৰ্ষণৰ অভিযোগ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ পিছতে এতিয়া স্বাভাৱিকতে বিপদত পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা শ্বাহনাৱাজ হুছেইন৷ আদালতৰ এনে স্থিতিয়ে এতিয়া শলঠেকত পেলাইছে গেৰুৱা দলটোকো৷